danewsplus.com
danewsplus.com

বাইহাটাৰ দুই সন্তানৰ মাতৃয়ে কঢ়িয়াই আনিলে গৌৰৱ,লাভ কৰিলে Mrs east India আৰু Mrs beautiful hair খিতাপ

0 870

ডিজিটেল ডেক্সঃ বাইহাটা চাৰিআলিৰ দুই সন্তানৰ মাতৃয়ে অৰ্জন  কৰিলে Mrs east India আৰু Mrs beautiful hair খিতাপ । সদ্য সমাপ্ত গুৰুগ্ৰামত অনুষ্ঠিত  Mrs India Universe Pegent ত অসমৰ পৰা প্ৰতিনিধিত্ব কৰি এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় বাইহাটা চাৰিআলিৰ ডঃ গীতুমণি শৰ্মাই ।

অসমৰ প্ৰথম গৰাকী মহিলা হিচাপে এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়  ডঃ গীতুমণি শৰ্মাই। গীতুমণি শৰ্মা পেচাত এগৰাকী চকু চিকিৎসক।এগৰাকী ৰেটিনা চাৰ্জন হৈয়ো অঞ্চলটোলৈ এনে ধৰনৰ সফলতা কঢ়িয়াই অনাত উৎফুল্লিত অঞ্চলবাসী।

ডঃ গীতুমণি শৰ্মা ৰেটিনা চাৰ্জনৰ এগৰাকী ভাল চিকিৎসক বুলিও সমাজত এটি সুনাম আছে । এনে এগৰাকী কৰ্ম ব্যস্ত মহিলা হৈও এনে ধৰনৰ সফলতা অৰ্জন কৰাত বিশেষ চৰ্চা লাভ কৰিছে সচেতন মহলত ।

Leave A Reply

Your email address will not be published.