danewsplus.com
danewsplus.com

লোকসংগীত শিল্পী ফাৱাদ আন্দাৰাবিক হত্যাৰ অভিযোগ তালিবানৰ বিৰুদ্ধে

0 150

ডিজিটেল ডেস্কঃ কৌতুক শিল্পী নাজাৰ মহম্মদৰ পাছত এইবাৰ আন এজন জনপ্রিয় লোকসংগীত শিল্পী ফাৱাদ আন্দাৰাবিক হত্যাৰ অভিযোগ উঠিল তালিবানৰ বিৰুদ্ধে। ঠিক তেনে দাবী কৰিছে আফগানিস্তানৰ প্রাক্তন মন্ত্রী মাছুদ আন্দাৰাবিয়ে। আন্দাৰাব উপত্যকাৰ প্ৰখ্যাত লোকসংগীত শিল্পী আছিল ফাৱাদ।

স্থানীয় সূত্রৰ খবৰ অনুসৰি কৃষ্ণাবাদ গাঁৱৰ বাসিন্দা ফাৱাদক শনিবাৰে ঘৰৰ পৰা টানি উলিয়াই হত্যা কৰে তালিবান উগ্ৰপন্থীয়ে। দেশখনৰ প্রাক্তন মন্ত্রী মাছুদে দাবী কৰিছে যে সমগ্ৰ আফগানিস্তানতে শিল্পীসকলক উলিয়াই তেওঁলোকৰ ওপৰত আক্ৰমণ চলাইছে তালিবানে। বিশেষকৈ আন্দাৰাব অঞ্চলত তালিবানৰ আক্ৰমণৰ মুখামুখি হৈছে শিল্পীসকল।

Leave A Reply

Your email address will not be published.