danewsplus.com
danewsplus.com

অসম ক্ৰিকেট সন্থাৰ পূৰ্বৰ বিত্তীয় অনিয়মৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰুজু কৰিব বৰ্তমানৰ কৰ্মকৰ্তাই

0 125

ডিজিটেল ডেস্কঃ অসম ক্ৰিকেট সন্থাত ২০১৬ চনৰ পৰা ২০১৯ চনলৈ সংঘটিত বিত্তীয় অনিয়মৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰুজু কৰিব সন্থাৰ বৰ্তমানৰ কৰ্মকৰ্তাই। এই মন্তব্য অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াৰ। কাজিৰঙাৰ কহঁৰাৰ হোটেল আয়’ৰাত অসম ক্ৰিকেট সন্থাৰ বাৰিষ্ক সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য যে, সন্থাৰ পূৰ্বৰ কেইবাজনো বিষয়ববীয়াৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী সংঘটিত হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ কৰিছে সন্থাই গঠন কৰি দিয়া পৰ্যালোচনা সমিতিয়ে। অভিযোগ উত্থাপন হোৱা পূৰ্বৰ বিষয়ববীয়াৰ পৰা এই সন্দৰ্ভত কোনো সন্তোষজনক উত্তৰ পোৱা নগ’ল বুলি প্ৰকাশ কৰে সম্পাদকগৰাকীয়ে।

আজি অনুষ্ঠিত সন্থাৰ বাৰ্ষিক সভাৰ সিদ্ধান্ত অনুসৰি ২-৩ দিনৰ ভিতৰত এই সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিব অসম ক্ৰিকেট সন্থা। অভিযুক্ত বিষয়ববীয়াৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে সন্থাই।

ইপিনে ৰাজ্যত ক্ৰিকেটৰ আন্তগাথনি উন্নয়নৰ বিষয়েও আজিৰ সভাত আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে সন্থাৰ সভাপতি ৰমেন দত্তই। উল্লেখ্য যে ৰাজ্যৰ মুঠ ৪১ খনকৈ সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে আজিৰ এই বাৰ্ষিক বৈঠকত।

Leave A Reply

Your email address will not be published.