danewsplus.com
danewsplus.com

ড্ৰোন আক্ৰমণেৰে ISIS ক প্ৰত্তুত্যৰ দিলে আমেৰিকাই

0 191

ডিজিটেল ডেক্স: কাবুল বিমানবন্দৰত আইছিছে কৰা ভয়ংকৰ আক্ৰমণৰ প্ৰত্তুত্যৰ দিলে আমেৰিকাই। উল্লেখ্য যে, কাবুল বিমানবন্দৰ আক্ৰমণত ১৩ গৰাকী মাৰ্কিন সেনা সহ প্ৰায় ১৭০ জন লোক নিহত হৈছিল । তাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’বাইডেনে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছিল ISIS ৰ বিৰুদ্ধে।

সেনানায়ক সকলক ISIS ক প্ৰত্যুত্তৰ দিয়াৰ বাবে পৰিকল্পনা সাজু কৰাৰ নিৰ্দেশ দিছিল জ’বাইডেনে। আৰু তাৰ পাছতেই আইছিছ কুৰাছানৰ ঘাটিত ড্ৰোনেৰে আক্ৰমণ চলালে আমেৰিকাই।

এই আক্ৰমণত কাবুল বিস্ফোৰণৰ মূল চক্ৰান্তকাৰী নিহত হোৱা বুলি দাবী কৰিছে আমেৰিকাই। অৱশ্যে এই অভিযানত সাধাৰণ মানুহৰ কোনো ক্ষয় ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.