danewsplus.com
danewsplus.com

সন্তান জন্ম দি বিতৰ্কত সোমাই পৰিছে নুছৰত জাহান

0 211

ডিজিটেল ডেস্কঃ অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানে বৃহস্পতিবাৰে জন্ম দিলে এটি সন্তান৷ তেওঁ সন্তান প্ৰসৱ কৰাৰ পিছতে সোমাই পৰিছে বিতৰ্কত৷ নুছৰত জাহানৰ সন্তানক লৈ এতিয়া চৰ্চা সৰ্বত্ৰ৷ পূৰ্বৰ স্বামীৰে সম্পৰ্ক চ্ছেদ হোৱাৰ পিছতো নুছৰত জাহানে সন্তান জন্ম দিয়াক লৈ বিভিন্নজনে তুলিছে প্ৰশ্ন৷

বিভিন্নজনৰ প্ৰশ্নৰ মাজতে অৱশ্যে বহুজনে নুছৰত জাহানক প্ৰশংসাও কৰে সামাজিক মাধ্যমৰ জৰিয়তে৷ বাংলা অভিনেত্ৰী শ্ৰীলেখা মিত্ৰাই নুছৰত জাহানক প্ৰশংসা কৰি কয় যে এই সংকীৰ্ণ চিন্তাধাৰাৰ সমাজখনত কোনো পুৰুষ সংগী নোহোৱাকৈ সাহসিকতাৰে সন্তান জন্ম দিয়াতো প্ৰশংসনীয়৷

যদিওবা মই নুছৰতক ৰাজনৈতিক বিষয়ত সমালোচনা কৰো তথাপিও এইক্ষেত্ৰত মই তেখেতক প্ৰশংসা কৰিব বিচাৰিম৷ আনহাতে TMCৰ সাংসদগৰাকীয়ে তেওঁৰ এই সন্তানৰ পিতৃ তুৰষ্কত বাস কৰে বুলি মন্তব্য কৰে৷

Leave A Reply

Your email address will not be published.