danewsplus.com
danewsplus.com

পুনৰ অসমৰ ভূমি বেদখলৰ অপচেষ্টা অৰুণাচলৰ

0 245

ডিজিটেল ডেস্কঃ পুনৰ অসমৰ ভূমি বেদখলৰ অপচেষ্টা অৰুণাচলী দুৰ্বৃত্তৰ৷ এইবাৰ লখিমপুৰৰ গোলাজুলীৰ অসম-অৰুণাচল সীমান্তত ভূমি বেদখলৰ অপচেষ্টা অৰুণাচলী নাগৰিকৰ লগতে অৰুণাচল আৰক্ষীৰো। ঘটনাস্থলিত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া সকল আৰু বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ খেদি পঠিয়াই অৰুণাচলী দুৰ্বৃত্তৰ লগতে অৰুণাচলৰ আৰক্ষীকো৷

অৱশেষত অসমৰ আৰক্ষীৰ ওচৰত  শেও মানি অৰুণাচলৰ বেদখলকাৰীয়ে ত্যাগ কৰিবলৈ বাধ্য হয় সেই স্থান৷ অৰুণাচলৰ সীমান্তৰ অসমৰ মাটিত দুষ্কৃতিকাৰীয়ে বে-দখলৰ চেষ্টা চলোৱাৰ ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে৷

Leave A Reply

Your email address will not be published.