danewsplus.com
danewsplus.com

কৰ্ণাটকৰ মহীশূৰত দলবদ্ধ ধৰ্ষণ, ৬ নৰপিশাচে ধৰ্ষণ কৰিলে ২২ বছৰীয়া যুৱতীক

0 179

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ মহীশূৰত দলবদ্ধ ধৰ্ষণ৷ ৬ নৰপিশাচে দলবদ্ধ ধৰ্ষণ কৰে চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ২২ বছৰীয়া ছাত্ৰীক৷ মহীশূৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে মঙলবাৰে বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল চামুণ্ডি হিল্ছলৈ৷ সেই স্থানলৈ যোৱাৰ বাটতে ৬ যুৱকে আগ ভেটি ধন দাবী কৰে দুয়োকে৷

ধন দিব নোৱৰাৰ বাবে ছাত্ৰীগৰাকীৰ লগত যোৱা যুৱকজনক প্ৰহাৰ কৰাৰ লগতে দলবদ্ধ ধৰ্ষণ কৰে ছাত্ৰীগৰাকীক৷ বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভুক্তভোগী ছাত্ৰীগৰাকীক৷ এই ঘটনা পোহৰলৈ অহাৰ পিছত তোলপাৰ লাগিছে সমগ্ৰ দেশত৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱ ৰাজ বোমায়ে এই ঘটনাৰ শীঘ্ৰে তদন্ত কৰি ধৰ্ষণকাৰীকেইটাক কৰায়ত্ত কৰাৰ নিৰ্দেশ দিছে৷

Leave A Reply

Your email address will not be published.