danewsplus.com
danewsplus.com

মৃত্যুৰ সৈতে যুঁজি আছে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ দুৰ্ভগীয়া ছাত্ৰী নন্দিতা শইকীয়াই

0 230

ডিজিটেল ডেক্সঃ ডিব্রুগড় ব্রহ্মপুত্র নার্ছিং হোমত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধেমাজিৰ মৰিধল কাণ্ডত আহত হোৱা নন্দিতা শইকীয়া৷ একাংশ সংবাদ মাধ্যমত নন্দিতা সন্দৰ্ভত ভুল বাতৰি প্ৰচাৰ হোৱাত নন্দিতা শইকীয়াৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে– মোৰ ছোৱালী বর্তমান ঠিকেই আছে৷ কিছুমান চেনেলে ভুলকৈ বাতৰি পৰিৱেশন কৰিছে৷ সকলোৰে ওচৰত মই কাতৰেৰে অনুৰোধ কৰিছো, মোৰ ছোৱালীৰ বাবে প্রার্থনা কৰক, এগচি চাকি জ্বলাওক৷ যাতে তাই সোনকালে ভাল হৈ উঠে৷ এয়া মোৰ সকলোৰে ওচৰত প্রার্থনা৷ কথাখিনি শেষ কৰি নন্দিতাৰ পিতৃয়ে হুকহুকাই কান্দি উঠে৷

উল্লেখ্য যে,ধেমাজিৰ মৰিধল মহাবিদ্যালয়খনৰ এগৰাকী কর্মচাৰী ৰিণ্টু শর্মাৰ দাৰ ঘাপত মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল মহাবিদ্যালয় খনৰ ছাত্ৰী নন্দিতা। বৰ্তমান ডিব্ৰুগড় ব্রহ্মপুত্র নার্ছিংহোমৰ ভেণ্টিলেটৰত সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি আছে দুৰ্ভগীয়া নন্দিতাই৷
চিকিৎসাধীন হৈ থকা নার্ছিংহোমৰ চিকিৎসকে সাংবাদিকক জনোৱা অনুসৰি বর্তমানে দুৰ্ভগীয়া নন্দিতা ক’মা অৱস্থাত আছে৷ সেয়ে ভেণ্টিলেচন ব্যৱস্থাত ৰখা হৈছে ৷ শৰীৰৰ বিশেষ পৰিৱর্তন হোৱা নাই যদিও সংকটমুক্ত নহয় নন্দিতা।

Leave A Reply

Your email address will not be published.