danewsplus.com
danewsplus.com

ধেমাজি চহৰত দিনদুপৰতে ভয়ংকৰ কাণ্ড, দাৰে ঘপিয়ালে ২ ছাত্ৰীক

0 345

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰত দিনদুপৰতে চাঞ্চল্যকৰ ঘটনা ৷ ৰাজ্যিক বাছ আস্থানৰ সন্মুখত ধেমাজি মৰিধল মহাবিদ্যালয়ত অধ্যয়নৰত দুগৰাকী ছাত্ৰী নন্দিতা শইকীয়া আৰু কস্মিনা দত্তক মৰিধল মহাবিদ্যালয়ৰ লাইব্ৰেৰীৰ বিয়েৰাৰ হিচাপে কৰ্মৰত ৰিণ্টু শৰ্মা নামৰ লোকজনে দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে।

ঘটনা সংঘটিত কৰিয়ে লোকজনে পলায়ন কৰিছিল যদিও আৰক্ষী আৰু ৰাইজৰ সহযোগত খেদি খেদি আটক কৰে ৷ বৰ্তমান দুয়োগৰাকী ছাত্ৰী ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও বিপদৰ পৰা মুক্ত নহয় ৷ অতি সংকটজনক অৱস্হাত দুয়োগৰাকী আহত ছাত্ৰী৷

শেহতীয়াকৈ জানিবলৈ পোৱা মতে ইয়াৰে নন্দিতা শইকীয়াৰ অৱস্থা অধিক সংকটজনক হোৱাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ ধেমাজিৰ চিকিৎসকে প্ৰেৰণ কৰিছে ৷ দিন দুপৰতে সংঘটিত এই ঘটনাই ধেমাজি সদৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ বিপৰীতে ধেমাজি নগৰত এক উত্তেজনাই বিৰাজ কৰিছে৷

Leave A Reply

Your email address will not be published.