danewsplus.com
danewsplus.com

সোণোৱালক লৈ বিজেপিয়ে কৰা আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত কি কলে কংগ্ৰেছ নেতা ভূপেন বৰাই

0 175

ডিজিটেল ডেক্সঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত শনিবাৰে পোন প্ৰথমবাৰৰ বাবে ধেমাজিত উপস্থিত হ’ল ভূপেন কুমাৰ বৰা। দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি দলীয় সাংগঠনিক ভেটি মজবুত কৰাত নামি পৰিছে নৱ নিযুক্ত সভাপতি গৰাকী। ধেমাজিত উপস্থিত হৈয়ে নেতাগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ বিজেপিয়ে কৰা জন আশীৰ্বাদ যাত্ৰাৰ প্ৰসংগ উত্থাপন কৰি শাসনত থকা দলটোক সমালোচনা কৰে।

শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালকলৈ বিজেপিয়ে কৰা আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয়, অসমৰ ৰাইজে সোণোৱালক আশীৰ্বাদ দিছে। এতিয়া অসমৰ ৰাইজে আশীৰ্বাদ দিয়াৰ পৰিৱৰ্তে অসমবাসীক তেখেতে কি দিয়ে তাত কংগ্ৰেছে চকু ৰাখিব।

Leave A Reply

Your email address will not be published.