danewsplus.com
danewsplus.com

তালিবানক সমৰ্থন কৰি সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰা অসমৰ ১৪ জন লোকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

0 307

ডিজিটেল ডেক্স: অসমত ওলাইছে তালিবানৰ সমৰ্থক। তালিবানৰ সমৰ্থনত অসমৰ একাংশ লোকে শ্বেয়াৰ কৰিছে পোষ্ট। তালিবানীৰ বৰ্বৰ কাৰ্যক সমৰ্থন কৰা এই পৰ্যন্ত ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। আফগানিস্তানত তালিবানৰ উত্থানৰ পিছতে অসমৰ ছ’চিয়েল মিডিয়াত তালিবানী সমৰ্থক দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, তালিবানে আফগানিস্তান দখল কৰাৰ পিছত আতংকত দিন পাৰ কৰিছে আফগান লোকসকলে। মৃত্য়ুৰ ভয়ত দেশ এৰিছে দেশখনৰ বহুলোকে। প্ৰতিদিনাই চলিছে মহিলাৰ ওপৰত অত্যাচাৰ।

ধুবুৰী, কামৰূপ, বৰপেটা আৰু কৰিমগঞ্জৰ পৰা গ্ৰেপ্তাৰ দুটাকৈ তালিবানৰ সমৰ্থকক। দৰং, কাছাৰ, হাইলাকান্দি, গোৱালপাৰা আৰু হোজাইৰ পৰা গ্ৰেপ্তাৰ এজনকৈ তালিবানৰ সমৰ্থকক। ইফালে, দৰঙত গ্ৰেপ্তাৰ মৌলানা ফজুল কৰিম, কামৰূপত গ্ৰেপ্তাৰ আবুবক্কৰ ছিড্ডিক ওৰফে আফগা খান অভিলেখ আৰু ছাইদুল হকক।

আনহাতে, কাছাৰত জাৱেদ মজুমদাৰ, বৰপেটাত মজিদুল ইছলাম আৰু ফাৰুক হুছেইন খান, ধুবুৰীত চৈয়দ আহমেদ আৰু আৰমান হুছেইনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

শনিবাৰে পুৱাই হাইলাকান্দি আৰক্ষীয়ে নাদিম আখতাৰ লস্কৰ নামৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰোপৰি, দক্ষিণ শালমৰাত খণ্ডকাৰ নুৰ আলম, গোৱালপাৰাত মৌলানা য়াছিম খান, হোজাইত মৌলানা বছিৰুদ্দিন লস্কৰ, কৰিমগঞ্জত মজিবুদ্দিন আৰু মৰ্তুজা হুছেইন খানক গ্ৰেপ্তাৰ কৰা হয়।

Leave A Reply

Your email address will not be published.