danewsplus.com
danewsplus.com

তালিবানৰ দখলৰ পৰা ৩ জিলা মুক্ত কৰিলে তালিবানবিৰোধীয়ে

0 168

ডিজিটেল ডেক্স: তালিবানে আফগানিস্তানৰ ওপৰত নিয়ন্ত্ৰণ তীব্ৰতৰ কৰিব বিচৰাত প্ৰতিৰোধী যুঁজাৰুসকলে এতিয়া তালিবানৰ আফগানিস্তানৰ বাঘলান প্ৰদেশৰ বানু, পোল-ই-হেছাৰ আৰু ডি ছালাহ নামৰ তিনিখন জিলা তেওঁলোকৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে। এই বাতৰি ইতিমধ্যে দেশৰ বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে। লগতে প্ৰতিৰোধ বাহিনীয়ে এতিয়া অন্য জিলা সমূহ তালিবানৰ দখলৰ পৰা মুক্ত কৰিবলৈ আন জিলা সমূহলৈ আগবাঢ়িছে। তিনিখন জিলা দখলৰ সময়ত কমেও ৬০ জন তালিবান যুঁজাৰু নিহত হৈছিল। প্ৰতিৰোধ বাহিনী আৰু তালিবানৰ মাজত সংঘৰ্ষৰ দৃশ্য সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে।

Leave A Reply

Your email address will not be published.