danewsplus.com
danewsplus.com

আপুনি সোন-ৰূপৰ অলংকাৰ পৰিস্কাৰ কৰাব বিচাৰিছে নেকি? তেন্তে সাৱধান হওঁক

0 127

ডিজিটেল ডেস্ক: এইবাৰ বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত জাল মেলিছে বহিঃৰাজ্যৰ প্ৰৱঞ্চকে। ঘৰে ঘৰে গৈ সোন-ৰূপৰ অলংকাৰ পৰিস্কাৰ কৰাৰ ছলেৰে সোন চুৰি কাৰ্য চলাই অৱশেষত ধৰা পৰিল ৰাইজৰ হাতত। উল্লেখ্য যে, বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰীৰচৰ গাঁওত দীৰ্ঘদিন ধৰি প্ৰৱঞ্চনাৰ জাল মেলা বহিঃৰাজ্যৰ এজন যুৱকক ৰাইজে সোন চুৰি কার্যত হাতে লুটে ধৰি গতালে আৰক্ষীক।

তথ্য অনুসৰি যুৱক জন বিহাৰৰ পৰা আহি বৰপেটাত এক বৃহৎ চক্ৰৰ আশ্ৰয় লৈ গাওঁৰ ঘৰে ঘৰে সোমাই মহিলা সকলক ফুচুলাই সোন-ৰূপৰ অলংকাৰ পৰিস্কাৰ কৰাৰ ছলেৰে চুৰি কাৰ্য চলায়। অলংকাৰ পৰিস্কাৰ কৰাৰ পিছত প্ৰত্যেকটো অলংকাৰ মহিলা সকলে হাতত লোৱাত সন্দেহ ওপজে।লগে লগে অলংকাৰ খিনি ওজন কৰাত ধৰা পৰে আচল কাহিনী। প্ৰত্যেকটো অলংকাৰত কমিল ওজন ।ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হল উত্তপ্ত পৰিস্থিতি। লগে লগে ৰাইজে প্ৰৱঞ্চক জনক আটক কৰি গতাই দিয়ে আৰক্ষীক।
গতিকে আপুনি যদি সোন-ৰূপৰ অলংকাৰ পৰিস্কাৰ কৰিব বিচাৰিছে তেন্তে এশ বাৰ ভাৱক, সাৱধান হওঁক।

Leave A Reply

Your email address will not be published.