danewsplus.com
danewsplus.com

আহিছিল বাইক কিনিবলৈ কিন্তু সোমালগৈ ৰঙাঘৰত! কিন্তু কিয়?

0 181

ডিজিটেল ডেক্স: এইবাৰ বাইক কিনিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল কুখ্যাত ডকাইত। ডকাইতৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে কেইবালক্ষাধিক টকা।ডকাইতি কৰাৰ ২৪ ঘণ্টা পাৰ নৌহঁওতেই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন কুখ্যাত ডকাইতক ।

বুধবাৰে নগাওঁ জিলাৰ ৰূপহীত ছজনীয়া এটি ডকাইতৰ দলে সন্ধিয়া এখন মিঠাতেলভৰ্তি বাহনক আগচি ধৰি চালকক পিষ্টল দেখুৱাই লুটি নিছিল প্ৰায় ৫ লাখ টকা। ডকাইতি কৰা টকাৰে কুখ্যাত ডকাইত আছাদুল ইছলামে পত্নীসহ নগাঁৱলৈ বাইক কিনিবলৈ আহোতেই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আছাদুলক।আৰক্ষীয়ে আছাদুলৰ পৰা নগদ ৩৮ হাজাৰ টকা জব্দ কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ডকাইতিৰ গোচৰত দুবাৰকৈ জেললৈ গৈছিল আছাদুল ইছলাম। বৰ্তমান আৰক্ষীয়ে ধৃত ডকাইত আছাদুলক জেৰা অব্যাহত ৰাখিছে । অতি শীঘ্ৰে আন পলাতক ডকাইতকেইটাকো গ্ৰেপ্তাৰ কৰিব বুলি নগাঁৱৰ আৰক্ষী অধীক্ষকজনে দাবী কৰিছে । আনহাতে, ডকাইত আছাদুলৰ পত্নী নাজিমা খাতুন আৰু মিজানুৰ ৰহমানকো আৰক্ষীয়ে আছাদুলৰ ডকাইতি কৰা ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰিছে।

Leave A Reply

Your email address will not be published.