danewsplus.com
danewsplus.com

ৰাজ্যিক বিজেপিৰ নতুন সমিতি গঠন

0 169

ৰাজ্যিক বিজেপিৰ নতুন সমিতি গঠন। সভাপতি ভৱেশ কলিতাই নিযুক্তি দিলে নতুন বিষয়ববীয়াক। দলৰ উপ-সভাপতি অশোক ভট্টৰায়, জয়ন্ত কুমাৰ দাস, ৰাজদ্বীপ ৰয়, তপন গগৈ, অজয় কোঁৱৰক উপ-সভাপতিৰ দায়িত্ব দিয়া হয়। নৱ দলে, ৰেখাৰাণী দাস বড়ো, বিজুলী কলিতাক উপ-সভাপতি হিচাপে দায়িত্ব দিয়া হয়। সাধাৰণ সম্পাদকৰ দায়িত্বত পল্লৱলোচন দাস, পুলক গোহাঁই, দিপ্লু ৰঞ্জন শৰ্মাক দিয়া হয়।

আনহাতে, দলৰ মুখ্য মুখপাত্ৰ হিচাপে কামাখ্যা প্ৰসাদ তাছাক নিযুক্তি দিয়া হয়। ইফালে, আঙুৰলতা ডেকাক ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব দিয়া হয়। বিজেপিৰ যুৱ মৰ্চাৰ নতুন সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱাক, সংখ্যালঘু মৰ্চাৰ নতুন সভাপতি শান্তিয়াজ কুজুৰক, OBC মৰ্চাৰ নতুন সভাপতি অশ্বিন ৰায় সৰকাৰক, দিগন্ত ঘাটোৱাৰক চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতিৰ দায়িত্ব দিয়া হয়।

দেৱজিৎ বৰাক বিজেপিৰ কৃষাণ মৰ্চাৰ সভাপতিৰ দায়িত্ব দিয়াৰ বিপৰীতে পবিত্ৰ মাৰ্ঘেৰিটা, লক্ষ্য কোঁৱৰ, সুভাষ দত্তক মুখপাত্ৰৰ দায়িত্ব দিয়া হয়। ৰূপম গোস্বামী, কল্যাণ গগৈ, পংকজ বৰবৰা, জানকী খাউণ্ড মুখপাত্ৰৰ দায়িত্ব। ৰাজদ্বীপ গোৱালা, জুৰি শৰ্মা বৰদলৈ, ৰঞ্জীৱ শৰ্মা, কিশোৰ উপাধ্যায়, মানস ডেকা, ৰামকৃষ্ণ ঘোষক মুখপাত্ৰৰ দায়িত্ব দিয়া হয়।

Leave A Reply

Your email address will not be published.