danewsplus.com
danewsplus.com

মনত ৰাখিব, বিভিন্ন ক্ষেত্ৰত মাচুল বৃদ্ধি কৰিলে গুৱাহাটী পৌৰ নিগমে

0 151

ডিজিটেল ডেস্কঃ গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন সেৱাৰ ক্ষেত্ৰত মাচুল বৃদ্ধি। বৃদ্ধি কৰা হৈছে ক্ষুদ্ৰ ব্যৱসায়ৰ ট্ৰেড লাইচেন্সৰ মাচুল। অনুজ্ঞাপত্ৰ নৱীকৰণৰ মাচুল বৃদ্ধি ২০ হাজাৰ টকালৈ। একেদৰে হোটেল, ল’জ, গেষ্ট হাউছৰ মাচুল ২০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। ৩০খন বিছনা থকা হোটেল-ল’জৰ ক্ষেত্ৰত প্ৰযোজ্য এই মাচুল।

১০০ৰো অধিক বিছনা থকা হোটেল-ল’জতো বৃদ্ধি কৰা হৈছে মাচুল। এনে হোটেল-ল’জৰ ক্ষেত্ৰত ৩০ হাজাৰ টকালৈ বৃদ্ধি মাচুল। ফাষ্ট ফুড, সাধাৰণ চাহ দোকানৰো মাচুল বৃদ্ধি কৰা হৈছে। ট্ৰেড লাইচেন্সৰ মাচুল বৃদ্ধি কৰা হৈছে ৫ হাজাৰ টকালৈ।

একেদৰে বৃদ্ধি কৰা হৈছে পাৰ্কিং আৰু আৱৰ্জনা নিষ্কাশনৰো মাচুল। গুৱাহাটী উন্নয়ন বিভাগৰ অনুমোদন ক্ৰমে মাচুল বৃদ্ধি সিদ্ধান্ত।

Leave A Reply

Your email address will not be published.