danewsplus.com
danewsplus.com

লৰ্ডছত ভাৰতৰ বৃহৎ জয়, কে এল ৰাহুল মেন অৱ দ্য মেচ

0 197

ডিজিটেল ডেস্কঃ লৰ্ডছত ভাৰতৰ বৃহৎ জয়৷ মহম্মদ ছামি আৰু যশপ্ৰীত বুমৰাহৰ অলৰাউণ্ড প্ৰদৰ্শনত ধূলিস্যাৎ ইংলেণ্ড৷ ক্ৰিকেট অনিশ্চয়তাৰ খেল বুলি সকলোৱে কয়৷ কিন্তু ভাৰত-ইংলেণ্ডৰ এই দ্বিতীয় টেষ্টে যেনে উত্তেজনাপূৰ্ণ আৰু ৰোমাঞ্চকৰ ৰূপ ল’লে সেয়া সঁচাকৈয়ে অবিশ্বাস্য৷

দ্বিতীয় ইনিছংত চতুৰ্থ দিনা ভাৰতীয় দলে ৬ উইকেটত ১৮১ ৰান সংগ্ৰহ কৰাৰ পিছতে দিনটোৰ খেল সামৰণি পৰাৰ পিছত কোনেও ভবা নাছিল টেইলেণ্ডাৰকেইজনে দলৰ স্ক’ৰ প্ৰায় ৩০০লৈ লৈ যাব৷ আৰু বাস্তৱতে সেয়াই ঘটিল৷ বেটছমেনৰ ভূমিকাত আৰ্বিভাৱ হ’ল ছামি আৰু বুমৰাহৰ৷

৫৬ ৰানত ছামি আৰু ৩৪ ৰানত বুমৰাহ অপৰাজিত হৈ ৰ’ল৷ ২৯৮ ৰানত ইনিংছ ঘোষণা কৰিলে কোহলিয়ে৷ ইয়াৰ পিছত আৰম্ভ হ’ল ইংলেণ্ড দলৰ জয়ৰ সংগ্ৰাম৷ দুই অ’পেনাৰে বিদায় ল’লে শূন্য ৰানত৷ ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ এইটো এটা লজ্জাজনক অভিলেখ৷

ইয়াৰ পিছত ভাৰতীয় পেচ আক্ৰমণত তিষ্ঠিবই নোৱাৰিলে ইংলেণ্ড৷ ১২০ ৰানতে সামৰণি পৰিল ইংলেণ্ডৰ দ্বিতীয় ইনিছং৷ ১৫১ ৰানত জয়লাভ কৰিলে ভাৰতে৷ অধিয়ানক জ’ ৰ’টে কৰিলে সৰ্বাধিক ৩৩ ৰান৷ কে এল ৰাহুলে লাভ কৰিলে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান৷

Leave A Reply

Your email address will not be published.