danewsplus.com
danewsplus.com

গোলাঘাটৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

0 140

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। একাংশ উত্তেজিত চাহ শ্ৰমিকে চাহ মজদুৰ সংঘৰ কাৰ্যালয়টোৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত কৰি তোলে।

দীৰ্ঘদিন ধৰি গোলাঘাট জিলাৰ জামুগুৰি চাহ বাগিচাৰ শ্ৰমিক সকলে নিজৰ দৈনিক মজুৰি সময়মতে নোপোৱাৰ উপৰিও চাহ শ্ৰমিক সকল অনান্য সা-সুবিধাৰ পৰাও বঞ্চিত হৈ অহাৰ অভিযোগ চাহ বাগিচাখনৰ পৰিচালনা সমিতিক অৱগত কৰি আহিছে।

চাহ শ্ৰমিক সকলৰ এই অভিযোগ পৰিচালনা সমিতিয়ে গুৰুত্ব পদান নকৰাত সমিতিখন সলনি কৰি দিবৰ বাবে অসম চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা কাৰ্যালয়ত যোৱা তিনিটা বছৰে অভিযোগ দি আহিছে যদিও চাহ শ্ৰমিক সংঘইও ৰহস্যজনকভাবে এই সমতিখনক সলনি কৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰে চাহ শ্ৰমিকসকলে।

যাৰ বাবে সোমবাৰে পুনৰ চাহ বাগিচাখনৰ শ্ৰমিক সকলে ACMS ৰ কাৰ্যালয়ত সম্পাদকগৰাকীক আবদ্ধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ লগতে আজিৰ দিনটোৰ ভিতৰতে চাহ বাগিচাখন পৰিচালনা কৰিবৰ বাবে এখন নতুন সমিতি গঠন কৰি নিদিলে চাহ বাগিচা বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.