danewsplus.com
danewsplus.com

নাৰায়ণপুৰত সুৰাৰ ৰাগীত মাতাল হৈ দিন দুপৰতে পথৰ কাষত পৰি থাকিল আৰক্ষী জোৱান

0 163

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ স্বাধীনতা দিৱসৰ দিনটোতে সুৰাৰ ৰাগীত মাতাল হৈ দিন দুপৰতে পথৰ কাষত পৰি থাকিল এজন অসম আৰক্ষীৰ জোৱান। খাকী পোছাকত দাগ লগোৱা এই গৰাকী আৰক্ষী নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীত কৰ্মৰত৷ জোৱানগৰাকী হৈছে এবিচি ৭৬৬ ভূপেন ভূঞা। ঘৰ বিশ্বনাথ জিলাৰ কলাবাৰীত।

বিগত সময়তো উক্ত আৰক্ষীগৰাকীয়ে শিমলুগুৰি অঞ্চলত সুৰা সেৱন কৰি পৰিবেশ বিনষ্ট কৰি অহাৰ অভিযোগ আছে। তেখেতৰ এনে কাৰ্যৰ পিছতো আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ আছে।

Leave A Reply

Your email address will not be published.