danewsplus.com
danewsplus.com

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ তৃতীয় সংখ্যক পুণ্য তিথি

0 173

ডিজিটেল ডেক্স, নতুন দিল্লী: আজি প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ তৃতীয় সংখ্যক মৃত্যু বাৰ্ষিকী। অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে দিল্লীৰ ‘অটল সমাধি স্থান’ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে।

বিগত বৰ্ষৰ আজিৰ দিনটোতে দিল্লীত মহাপ্ৰয়ান ঘটিছিল মূল্যবোধৰ ৰাজনীতিৰ জনক বাজপেয়ীৰ। জননেতাগৰাকীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বাজপেয়ীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দেশৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে ৰাষ্ট্ৰনেতাগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

বিগত বৰ্ষৰ ১৬ আগষ্টত দিল্লীত দেহাবসান ঘটিছিল অটল বিহাৰী বাজপেয়ীৰ। ১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰত জন্মগ্ৰহণ কৰিছিল ভাৰতৰ তিনিবাৰৰ প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে। জনপ্ৰিয় নেতাগৰাকীয়ে দেশৰ হিতৰ বাবে, জনতাৰ স্বাৰ্থৰ হকে কৰিছিল বহু উল্লেখনীয় কাম।

১৯৫৫ চনত প্ৰথমবাৰ লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হয় বাজপেয়ী। পৰৱৰ্তী সময়ত ১৯৫৭ চনত উত্তৰপ্ৰদেশৰ বলৰামপুৰৰ পৰা লোকসভাৰ বাবে বিজয়ী হয়। ১৯৭৭-১৯৭৯ মোৰাৰজী দেশাই চৰকাৰৰ বিদেশ মন্ত্ৰী হয় বাজপেয়ী। ১৯৮০ চনৰ ৬ এপিলত ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষহিচাপে নিৰ্বাচিত হয় বাজপেয়ী।

Leave A Reply

Your email address will not be published.