danewsplus.com
danewsplus.com

দেশত প্ৰদান কৰা ভেকচিনৰ পৰা টকিঅ’লৈকে সকলো বিষয়ে স্থান পালে প্ৰধানমন্ত্ৰীৰ ভাষণত

0 116

ডিজিটেল ডেস্কঃ আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱস উদযাপন। লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ। পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ। দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ।

ক’ৰোনাযোদ্ধা, ভেকচিন নিৰ্মাণত জড়িতসকললৈ সন্মান। ‘এইসকল ব্যক্তি সকলোৰে সন্মানৰ অধিকাৰী।’ টকিঅ’ অলিম্পিকত পদক জয়ীসকলক উদ্দেশ্যি ভাষণ। ‘এইসকল খেলুৱৈয়ে ভাৰতৰ নাম উজলাইছে। আজি এইসকল এই অনুষ্ঠানত আমাৰ মাজত আছে।’

পদক বিজয়ীসকলক হাত চাপৰিৰে সন্মান প্ৰধানমন্ত্ৰীৰ। অনুষ্ঠানত উপস্থিতসকলেও হাত চাপৰিৰে জনালে সন্মান। সমগ্ৰ দেশবাসীলৈয়ো প্ৰধানমন্ত্ৰীয়ে জনালে সন্মান জনোৱাৰ আহ্বান। ‘এইসকল খেলুৱৈয়ে দেশৰ গৌৰৱ কঢ়িয়াই আনিছে। এই খেলুৱৈসকলে কেৱল আমাৰ হৃদয়ে জয় কৰা নাই…। এই খেলুৱৈসকলে দেশৰ নৱপ্ৰজন্মক প্ৰেৰণা যোগাইছে।’

প্ৰধানমন্ত্ৰীৰ ভাষণত দেশ বিভাজনৰ সময়ৰ কথা উল্লেখ। প্ৰতিবছৰে পালন কৰা হ’ব বিভাজন বিভীষিকা স্মৃতি দিৱস। ১৪ আগষ্টত পালন কৰা হ’ব বিভাজন বিভীষিকা স্মৃতি দিৱস। ‘বিশ্বৰ বৃহৎ ভেকচিনেশ্যন কাৰ্যসূচী আমাৰ দেশত চলি আছে। দেশৰ ৫৪ কোটিৰো অধিক লোকে ভেকচিনৰ ড’জ লৈছে। ক’ভিড ভেকচিন লোৱাৰ প্ৰমাণ-পত্ৰই বিশ্বক আকৰ্ষিত কৰিছে। অন্য দেশৰ তুলনাত ভাৰতত কম সংখ্যক লোক সংক্ৰমিত হৈছে। বিশ্বৰ সমৃদ্ধিশালী দেশৰ দৰে আমাৰ দেশৰ ব্যৱস্থা নহয়।’

Leave A Reply

Your email address will not be published.