danewsplus.com
danewsplus.com

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

0 121

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা৷ কূটাঘাটৰ পৰিকল্পনাৰে বাহৰ পতা ৪ জইছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিলে জম্মু-কাশ্মীৰ আৰক্ষীয়ে৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষী-চিআৰপিএফ বাহিনীয়ে চলোৱা অভিযানটোত বৃহৎ পৰিমাণৰ মৰাণাস্ত্ৰসহ জালত পৰিছে সন্ত্ৰাসবাদীকেইটা৷

ড্ৰোনৰ জৰিয়তে সন্ত্ৰাসবাদীকেইটাই কাশ্মীৰৰ বিভিন্ন প্ৰান্তত অস্ত্ৰ সৰবৰাহ কৰিছিল৷ স্বাধীনতা দিৱসত বৃহৎ কূটাঘাটৰ পৰিকল্পনাৰে শ্ৰীনগৰত বাহৰ পৰা সন্ত্ৰাসবাদীকেইটাই IDও মজুত কৰিছিল৷ নিৰাপত্তাবাহিনীৰ এই সফলতাৰ পিছতেই কাশ্মীৰ উপত্যকাৰ বিভিন্ন অঞ্চলত এতিয়া ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে সেনা-চিআৰপিএফে৷

Leave A Reply

Your email address will not be published.