danewsplus.com
danewsplus.com

গোলাঘাটত উদ্বাৰ ২৭.৫৬ লাখ টকা, ডিমাপুৰৰ এখন প্ৰতিষ্ঠানৰ পৰা কৰিছিল চোৰ

0 275

ডিজিটেল সংবাদ, গোলাঘাটঃ লাখ লাখ টকা ওলাইছে গোলাঘাটত৷ গোলাঘাটৰ থুৰামুখত উদ্বাৰ হৈছে এই বৃহৎ পৰিমাণৰ টকাখিনি৷ ডিমাপুৰ আৰক্ষী আৰু গোলাগাট আৰক্ষীৰ যৌথ অভিযানত জব্দ হোৱা টকাখিনিৰ পৰিমাণ হৈছে ২৭ লাখ ৫৬ হাজাৰ ৬০০ টকা। কাৰ্বি আংলঙৰ বৰপথাৰৰ মিণ্টু তাঁতী নামৰ যুৱক এজনে ডিমাপুৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চোৰ কৰিছিল ৪০ লাখ টকা৷

বুধবাৰে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা চোৰ কৰিছিল টকাখিনি৷ জানিব পৰা মতে প্ৰতিষ্ঠানখনত জেনেৰেটৰ অপাৰেটৰ হিচাপে কৰ্মৰত আছিল মিণ্টু৷ টকাখিনি চোৰ কৰি থুৰামুখ গ্ৰান্ট গাঁৱত লুকুৱাই থৈছিল মিণ্টুৱে৷ অৱশ্যে বৰ্তমানেও সম্পূৰ্ণ টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷

Leave A Reply

Your email address will not be published.