danewsplus.com
danewsplus.com

জটিল ৰোগত আক্ৰান্ত ব্যাসকুছিৰ পুৰোহিত সৰ্বেশ্বৰ দেৱ শৰ্মা, সহায় বিচাৰি আহ্বান পৰিয়ালৰ

0 228

ডিজিটেল ডেস্কঃ বিগত তিনি বছৰে বিচনাখনকে সাৰথি কৰি মৃত্যুৰ সৈতে যুঁজি আছে সৰুক্ষেত্ৰী সমষ্টিৰ ব্যাসকুছি অঞ্চলৰ জ্যেষ্ঠ পুৰোহিত সৰ্বেশ্বৰ দেব শৰ্মাই। ক’ৰোনাৰ সংকটৰ লগতে আৰ্থিক দৈন্যতাৰে ভাৰাক্ৰান্ত সৰ্বেশ্বৰ দেৱ শৰ্মাৰ অৱস্থা সম্প্ৰতি তথৈবচ। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে ৰাজ্য চৰকাৰৰ কোনো এখন অভিলাষি আঁচনিয়ে ধুকি পোৱা নাই এইগৰাকী সৰ্বেশ্বৰ দেৱ শৰ্মাক।

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ব্যাসকুছিৰ এইগৰাকী জ্যেষ্ঠ পুৰোহিতে কাৰ্যতঃ অসহায় হৈ জীৱন মৃত্যুৰে যুঁজ দি আছে সু- চিকিৎসাৰ অভাৱত। অৰ্থ সংকটৰ বাবে উন্নত চিকিৎসাৰ অভাৱত বিচনাতে তিনি বছৰ ধৰি মৰি মৰি জীয়াই আছে সৰ্বেশ্বৰ দেৱ শৰ্মা। সমাজৰ হকে কাম কৰি নিজৰ জীৱন উচৰ্গা কৰা এগৰাকী ব্যক্তিক বিগত তিনি বছৰে ওচৰ চুবুৰীয়াই কিছু সহায় কৰি আহিছে যদিও সুস্থ হৈ উঠা নাই সৰ্বেশ্বৰ দেৱ শৰ্মা।

উল্লেখ্য যে, বৰপেটা জিলাৰ বিভিন্ন আঞ্চলত পুৰহিতৰ কাম কৰি এক জনসম্পৰ্ক গঢ়ি তোলা শৰ্মা সম্প্ৰতি যেন নিঃসংগ, নিঃস্ব।আধ্যাত্মিক চেতনাৰে সকলোকে উদ্বুদ্ধ কৰা শৰ্মাৰ বিগত তিনি বছৰে সংগী হৈ পৰিছে মুমূৰ্ষু জীৱন যাপন কৰা বিছনাখন। হৃদৰোগৰ লগতে বৃক্কৰ বিকলতাই যেন সকলো কাঢ়ি নিয়াৰ উপক্ৰম হৈছে সৰ্বেশ্বৰ দেৱ শৰ্মাৰ।উন্নত চিকিৎসাৰ বাবে বহু ধনৰ আৱশ্যক যদিও এসাজ খায় এসাজলৈ ভাবিবলগীয়া হোৱা আৰ্থিকভাৱে অচল পৰিয়ালটো এতিয়া উপায়বিহীন।

পৰিয়ালটোক সেয়ে আৱশ্যক সহায়ৰ। মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্য মন্ত্ৰীকো ব্যাসকুছিৰ এই পৰিয়ালটোৰ লগতে স্থানীয় লোকে সহায় বিচাৰি আহ্বান জনাইছে। এইক্ষেত্ৰত স্বয়ং সৰ্বেশ্বৰ দেৱ শৰ্মাই ৰুগীয়া দেহাৰেই বোপা বুলি হাতজোৰ কৰি মুখ্যমন্ত্ৰীক আহ্বান জনাই কয়,” মই বৰ কষ্টত আছোঁ। মোক চিকিৎসাৰ ব্যৱস্থা কৰি দিওঁক।”

ইফালে সৰ্বেশ্বৰ দেৱ শৰ্মাৰ চিকিৎসাৰ বাবে ৰাইজলৈ সহায় বিচাৰি পৰিয়ালৰ লোকে ব্যাসকুছি ইউনিয়ন বেংক শাখাত থকা সৰ্বেশ্বৰ দেৱ শৰ্মাৰ নিজৰ বেংক একাউণ্ট নম্বৰ (AC- 481802010026261, IFSC- UBIN0548189) ত সহায় কৰিবলৈ আহ্বান জনাইছে। এইক্ষেত্ৰত 7635905070 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি পৰিয়ালৰ লোকে জনাইছে।

Leave A Reply

Your email address will not be published.