danewsplus.com
danewsplus.com

ক্লাৱ ফুটবলৰ ঠিকনা সলনি হ’ল মেছিৰ, প্যাৰিছ ছঁ জাৰ্মিনৰে দুবছৰৰ বাবে চুক্তিবদ্ধ মেছি

0 604

ক্লাৱ ফুটবলৰ ঠিকনা সলনি হ’ল লিয়নেল মেছিৰ ৷ ফ্ৰান্সৰ প্যাৰিছ ছঁ জাৰ্মিনৰে দুবছৰৰ বাবে চুক্তিবদ্ধ হৈছে মেছি ৷ মঙলবাৰে ক্লাৱটোৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত প্যাৰিছ ছঁ জাৰ্মিন মেছিৰ যোগদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৷ এবছৰত ৩৫ মিলিয়ন ইউৰোত চুক্তিবদ্ধ হোৱা মেছি খেলপথাৰৰ যুঁজত নামিব নতুন জাৰ্ছি নম্বৰেৰে।

বিগত ২১ বছৰে বাৰ্চিলোনাৰ হৈ খেলা আৰ্জেণ্টিনাৰ অধিনায়কজনে এৰিলে ১০ নম্বৰ জাৰ্চি ৷ এইবাৰ মেছিক খেলপথাৰত দেখা যাব ৩০ নম্বৰ জাৰ্চিত ৷ প্যাৰিছ ছঁ জাৰ্মিনৰ টুইটাৰ হেণ্ডেলত ইতিমধ্যে প্ৰকাশ কৰা হৈছে নতুন জাৰ্চি সৈতে মেছিৰ ফটো৷

Leave A Reply

Your email address will not be published.