danewsplus.com
danewsplus.com

স্বদেশলৈ উভতিব অসমকন্যা লাভলীনা বৰগোহাঁই

0 144

সোমবাৰে স্বদেশলৈ উভতিব অসমকন্যা লাভলীনা বৰগোহাঁই। সোমবাৰে বিয়লি ৫ বজাত অবতৰণ কৰিব দিল্লী বিমানবন্দৰত। বিমান বন্দৰৰ পৰা আদৰি নিব ভাৰতীয় বক্সিং ফেডাৰেশ্যনে। বিমান বন্দৰত উপস্থিত থাকিব পিতৃ টিকেন বৰগোহাঁই। থাকিব বক্সিং ফেডাৰেশ্যনৰ সচিব হেমন্ত কলিতাসহ বহুজন। কাইলৈ বক্সিং ফেডাৰেশ্যনে আয়োজন কৰিব এখন সংবাদমেল। কাইলৈ নাইবা পৰহি গৃহৰাজ্যলৈ লাভলীনা ঘূৰি অহাৰ সম্ভাৱনা।

অৱশ্যে এতিয়াও সম্পূৰ্ণৰূপে চূড়ান্ত হোৱা নাই পৰৱৰ্তী কাৰ্যসূচী। সম্প্ৰতি নতুন দিল্লীতে আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়েও বিমান বন্দৰত আদৰণি জনোৱাৰ সম্ভাৱনা। মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত সম্বোধন কৰিব পাৰে সংবাদমেল। বুধবাৰে লাভলীনাক লৈ মুখ্যমন্ত্ৰী গৃহৰাজ্যলৈ অহাৰ সম্ভাৱনা। গৃহৰাজ্যত লাভলীনাক আদৰি আনিব ৰাজ্য চৰকাৰে।

ইপিনে, একেদিনাই চৰকাৰী অনুষ্ঠানত জনোৱা হ’ব সম্বৰ্ধনা। ১২ আগষ্টত বৰপথাৰৰ নিজ ঘৰলৈ যাব লাভলীনা। ১৩ আগষ্টত লাভলীনা পুনৰ উভতিব গুৱাহাটীলৈ। গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ উৰা মাৰিব লাভলীনা। স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ ল’ব লাভলীনাই। লালকিল্লা প্ৰাংগণত উপস্থিত থাকিব অসম কন্যা। প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছে পদক বিজয়ীসকলক।

Leave A Reply

Your email address will not be published.