danewsplus.com
danewsplus.com

কলিয়াবৰত ভেকচিন দিয়াৰ নামত চলিছে কি ?

0 590

ডিজিটেল সংবাদ, কলিয়াবৰ: মহামাৰী ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে বিশ্বজুৰি তথা দেশজুৰি ক’ৰোনা প্ৰতিষেধকৰ টীকাকৰণ প্ৰক্ৰিয়া তড়িৎ গতিত অব্যাহত আছে। কিন্তু তাৰ মাজতে ৰাজ্যৰ কোনো কোনো প্ৰান্তত টীকাকৰণৰ ভিন্ন ছবি পৰিলক্ষিত হৈছে। ক’ৰবাত যদি শ শ শাৰী লাইন ধৰিছে ক’ৰবাত আকৌ মাজ নিশাৰ পৰা বিভিন্ন সা-সৰঞ্জাম ৰাখি শাৰী পতা দেখা গৈছে। শুকুৰবাৰেও কলিয়াবৰত দেখা গ’ল আন এক বিপৰীত ছবি। কলিয়াবৰত টীকাকৰ দিয়াৰ নামত চলিছে বেপাৰ। কলিয়াবৰৰ পাটলি আটী গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত প্ৰতিটো টীকাকৰণৰ নামত ১০ টকাকৈ সংগ্ৰহ আশা কৰ্মীৰ। টীকাকৰণ কেন্দ্ৰত মাছ, ভাত খাবৰ বাবে আশা কৰ্মীয়ে ১০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ গাওঁবাসীৰ।

টীকাকৰণ ল’ব অহা ৰাইজে পুৱাৰে পৰা শাৰী পাতি ১০ টকাৰ বিনিময়ত কুপন লোৱাৰ পাছতো টীকাকৰণ নাপায় ঘৰমুৱা হ’বলগা হ’ল একাংশ ৰাইজ। উল্লেখ্য যে, বহু সময়ৰ অন্তত এক নং পাটলিআটী বিদ্যালয়ৰ পৰিৱৰ্তে আন এখন বিদ্যালয়ত টীকাকৰণ দিয়া হ’ব বুলি খবৰ লাভ কৰে গাঁওবাসীয়ে। তাৰ পিছতেই পুৱাৰে পৰা ভেকচিন ল’ব অহা ৰাইজে বিদ্যালয়খনৰ চৌহদত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে। উত্তেজিত ৰাইজে আশা কৰ্মী গৰাকীয়ে ভেকচিন ল’ব অহা ৰাইজৰ পৰা কুপনৰ বিনিময়ত ১০ টকাকৈ লোৱাৰ অভিযোগ উত্থাপন উত্তেজিত হৈ পৰে।

Leave A Reply

Your email address will not be published.