danewsplus.com
danewsplus.com

সুলভ মূল্যৰ দোকানৰ নামত দৰিদ্ৰ গ্ৰাহকক ৰাম টাঙোন দিয়া কোন এই দশমী শইকীয়া…

0 406

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট চৰকাৰী পাইকাৰী কেন্দ্ৰৰ (LAMPS) অধীনত থকা এৰাদীঘল পানী গাঁৱৰ সুলভ মূল্যৰ দোকানৰ মালিক দশমী শইকীয়াই দীৰ্ঘদিন ধৰি দুখীয়া ৰাইজৰ লগত প্ৰৱঞ্চনা কৰি অহাৰ এক অভিযোগ উত্থাপিত হৈ আহিছে। সম্পূৰ্ণ নিজৰ মই মতালিৰে দীৰ্ঘদিন ধৰি গ্ৰাহকসকলৰ ধন আৰু পাবলগীয়া সামগ্ৰী আত্মসাত কৰাৰ অভিযোগ উঠিছে।

তেনেক্ষেত্ৰত মঙলবাৰে গাঁৱৰ একাংশ সচেতন মহিলা অতিষ্ঠ হৈ একেলগে ওলাই আহি গাঁওখনৰ গাওঁবুঢ়াৰ ঘৰত এক আলোচনাত মিলিত হয়। দীৰ্ঘদিন ধৰি চৰকাৰৰ পৰা অহা হিতাধিকাৰীয়ে পাব লাগা চাউলকে ধৰি অন্যান্য সামগ্ৰীৰ সঠিক কৈ নোপোৱাৰ এক অভিযোগ উত্থাপিত কৰিছে।

প্ৰতিগৰাকী ব্যক্তিৰ নামত অহা চাউলৰ পৰা নানা অজুহাত দেখুৱাই ১ কিলোগ্ৰামকৈ চাউল কমাই দিয়া বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে। তাৰ উপৰিও কোনো চৰকাৰী আদেশ নোহোৱাকৈয়ে দশমী শইকীয়াই গ্ৰাহক সকলৰ পৰা নতুন ৰেচন কাৰ্ড বনাই দিয়াৰ নামত ১৫০ টকাকৈ লৈ থকা বুলিও জনায়। লগতেই এইটোও জনাই যে, ১৫০ টকা নিদিলে ৰেচন কাৰ্ড দিয়া নহ’ব বুলি এক ভাবুকি দিয়াৰ অভিযোগ।

Leave A Reply

Your email address will not be published.