danewsplus.com
danewsplus.com

ইতিহাস সৃষ্টিৰে বক্সিং ৰিঙত লাভলীনা

0 174

ডিজিটেল সংবাদ, গুৱাহাটী: বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত পদক জয়ৰ লক্ষ্যৰে আজি কোৱাৰ্টাৰ ফাইনেলৰ ৰিঙত নামিব লাভলীনা। বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই। জার্মানীৰ শক্তিশালী প্রতিদ্বন্দ্বীক পৰাস্ত কৰি অসমৰ উদীয়মান বক্সাৰগৰাকীয়ে মঙলবাৰে ‘গ্রেটেষ্ট শ্ব’ অন আর্থ’ৰ কোৱার্টাৰ ফাইনেললৈ স্থান লাভ কৰিছে।

গোলাঘাটৰ সৰুপথাৰৰ প্রতিভাৱান বক্সাৰগৰাকীয়ে এই জয়েৰে অসমবাসীৰ গৌৰৱ কঢ়িয়াই অনাৰ পথ মুকলি কৰিছে। ২০১৮ চনৰ বিশ্ব বক্সিং চেম্পিনশ্বিপৰ ছেমিফাইনেলত অসমৰ তাৰকা বক্সাৰগৰাকীয়ে চাইনীজ টাইপেৰ চিন চেনৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল৷ এইবাৰ টকিঅ’ৰ বক্সিং ৰিঙত লাভলীনাই চেনৰ বিৰুদ্ধে পূর্বৰ ব্যর্থতাৰ পোটক তুলিবলৈ সক্ষম হ’লেই অসম কন্যাই অলিম্পিকত অতিকমেও ব্রঞ্জৰ পদক অর্জন কৰাটো নিশ্চিত হ’ব। স্বৰ্ণ জয়েৰে সোণালী সুহুৰি মৰাৰ দুৰ্বাৰ হেপাঁহ লাভলীনাৰ। লাভলীনাৰ এই পদধ্বনি নাম ৰৈ বৈ যাওক। নাম-প্ৰসংগ,পূজা-অৰ্চনাৰে লাভলীনাৰ সফলতাৰ কামনা কৰিছে অসম আৰু অসমীয়াই। অলিম্পিকৰ মঞ্চত অসমৰ শৌৰ্য-বীৰ্য-প্ৰতিভাৰ স্বাক্ষৰ বহনকাৰী লাভলীনাৰ স্বপ্নপূৰ্ণ হওক সকলোৱে তাৰেই আশা কৰিছে।

Leave A Reply

Your email address will not be published.