danewsplus.com
danewsplus.com

মেট্ৰিকৰ ফলাফলক লৈ দ্বিতীয় দিনাও উত্তাল কোকৰাঝাৰ! আৰক্ষীৰ লাঠীচালনাত আহত শিক্ষাৰ্থী

0 201

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ মেট্ৰিক পৰীক্ষাৰ ফলাফলকলৈ দ্বিতীয় দিনাও হুলস্থুলীয়া পৰিৱেশ অব্যাহত থাকিলে কোকৰাঝাৰ জিলাত। কোকৰাঝাৰ জিলাৰ চালাকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাংশ অনুতীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। পৰীক্ষাৰ ফলাফলত প্ৰধান শিক্ষকে বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে।

পিছত আৰক্ষীয়ে ছাত্ৰ ছাত্ৰীক লাঠীচালনা কৰে। এই ঘটনাত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হয়। উল্লেখ্য যে, চালাকটি উচ্চ মাধ্যমিক বিদ্যালয়ত মুঠ ২৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত কেৱল ৪৭ গৰাকীহে পৰীক্ষাত উত্তীৰ্ণ হয়।

আনহাতে, কোকৰাঝাৰৰ দেৱৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়তো প্ৰতিবাদ সাব্যস্ত কৰে পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ অক্ষম হোৱা ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ অধ্যক্ষক ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে আৰু সকলো ছাত্ৰ-ছাত্ৰীকে উত্তীৰ্ণ কৰি দিয়াৰ দাবী তোলে। সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাইও ছাত্ৰ-ছাত্ৰীসকলৰ এই দাবীত সমৰ্থন কৰিছে।

Leave A Reply

Your email address will not be published.