danewsplus.com
danewsplus.com

শিশু সৰবৰাহ কাৰীৰ পৰা সাৱধান! শিশু সৰবৰাহ কাৰীৰ কৱলত পৰিব পাৰে আপোনাৰ শিশুটিও

0 214

ডিজিটেল ডেস্ক: পৰাপক্ষত পথলৈ যাব নিদিব আপোনাৰ সন্তানটিক। কাৰণ পথত অপহৰণ কাৰীৰ কৱলত পৰিব পাৰে আপোনাৰ মৰমৰ সন্তানটি। তেনে এটা চাঞ্চ্যকৰ ঘটনা সংঘটিত হৈছে দৰঙৰ নিজ খাৰুপেটী‌য়াত । সৌভাগ্য ক্ৰমে শিশু সৰবৰাহ কাৰীৰ কৱলৰ পৰা ৰক্ষা পৰে নিজ খাৰুপেটীয়াৰ এটি বাৰ বছৰীয়া কিশোৰ ।

জানিব পৰা মতে, ২৭ জুলাইত নিজ খাৰুপেটীয়াৰ আব্দুল আউৱালৰ বাৰ বছৰীয়া পুত্ৰ মুস্তাক আলি ৰাতিপুৱা প্ৰায় ৮ বজাত নিজ ঘৰৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আইতাকৰ ঘৰলৈ গৈ থকা অৱস্থাত খৰুপেটীয়া আৰ্মী কেম্পৰ ওচৰত এখন বিলাসী গাড়ীত অহা দুগৰাকী লোকে লৰাজনক কাষলৈ মাতি হঠাত গাড়ীখনৰ ভিতৰলৈ টানি তুলি মুখত সোপা মাৰি তেজপুৰৰ ফালে তীব্ৰ বেগেৰে লৈ যায় ।

সেই সময়ত তেজপুৰৰ মিচন চাৰিআলিত নিৰাপত্তাৰক্ষীৰ কটকটীয়া তালাচি অভিযান চলি থকাৰ বাবে উপায়হীন হৈ অপহৰণকাৰীৰ দলটোৱে প্ৰায় ১০০ মিটাৰমান দুৰত লৰাজনক ঘাইপথৰ দাতিত এৰি দি পলায়ন কৰে। দিকবিদিক হেৰুৱাই ঘাইপথৰ দাতিত কান্দি থকা কিশোৰ জনক দেখা পাই স্থানীয় লোকে তেজপুৰৰ কচাৰীগাও আৰক্ষী চকীত চমজাই দিয়ে ।

অৱশেষত, কিশোৰ জনৰ স্বীকাৰোক্তীৰ ভিত্তিত স্থানীয় গাওবুঢ়াৰ লগত যোগাযোগ কৰি নিশাই কিশোৰ জনক চমজাই দিয়ে পৰিয়ালৰ লোকক ।

Leave A Reply

Your email address will not be published.