danewsplus.com
danewsplus.com

চিলাপথাৰৰ নিলখৰ মাটিত ভূ-মাফিয়াৰ চকু, ৬২ বিঘা মাটি ব্যৱসায়ীক বিক্ৰীৰ চক্ৰান্তৰ অভিযোগ

0 467

অসম-অৰুণাচল সীমান্তৰ চিলাপথাৰৰ এটা অঞ্চলৰ ভূমিত চকু পৰিছে ভূ-মাফিয়াৰ ৷ এই মাটি ভূ-মাফিয়াই ব্যৱসায়ীক বিক্ৰীৰ বাবে চক্ৰান্ত কৰাৰ অভিযোগ উঠিছে ৷ চিলাপথাৰৰ সমীপৰ নিলখৰ এই ৬২ বিঘা মাটিক লৈ দীৰ্ঘদিনৰ পৰা চলি আছে সংঘাত ৷ পূৰ্বে এই মাটি এজন অৰুণাচলী লোকৰ দখলত আছিল ৷

বহুদিনৰ পৰা এই মাটি চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে স্থানীয় ৰাইজে ৷ মাটিখিনি বিক্ৰীৰ বাবে পূৰ্বে চেষ্টা চলোৱা হৈছিল যদিও স্থানীয় ৰাইজৰ হস্তক্ষেপত বিক্ৰী কৰিব নোৱাৰিলে এই মাটি ৷ এই মাটিখিনি গো চৰণীয়া পথাৰ হিচাপে সংৰক্ষণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ৷

Leave A Reply

Your email address will not be published.