danewsplus.com
danewsplus.com

জোনাইত জাপানিজ এনকেফেলাইটিছৰ আতংক,৮ জন আক্ৰান্ত আৰু মৃত্যু এটি শিশুৰ

0 251

ৰাজ্যত ক’ৰণাৰ আতংক মাৰ নৌযাওতেই এইবাৰ ধেমাজিৰ জোনাইত জাপানিজ এনকেফেলাইটিছৰ আতংক ৷ মহকুমাটোৰ আঠখন গাঁৱৰ ৮ জনৰ শৰীৰত ধৰা পৰিছে জাপানিজ এনকেফেলাইটিছ ৷ ইতিমধ্যে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে এটি শিশুৰ ৷

এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটা গাওঁবোৰত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷ ম’হৰ পৰা বাচি থাকিবলৈ, পোহানীয়া গাহৰি ঘৰৰ পৰা দুৰৈত ৰাখিবলৈ ৰাইজক আহ্বান জনাইছে স্বাস্থ্য বিভাগে ৷

Leave A Reply

Your email address will not be published.