danewsplus.com
danewsplus.com

ক’ভিড-১৯ঃ ৰাজ্যৰ শেহতীয়া তথ্য

0 214

ডিজিটেল সংবাদ, গুৱাহাটী: ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয় ১,৫৯৫জন। ইয়াৰে ভিতৰত কামৰূপ মেট্ৰ’ত ২৪ ঘণ্টাত আক্ৰান্ত হয় ১৭৯জন। শনিবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ২৩জনৰ। উক্ত দিনটোত ক’ৰোনাত আক্ৰান্তৰ পজিটিভিটীৰ হাৰ ১.৩ শতাংশ।

আনহাতে, ক’ভিডত আক্ৰান্ত হৈ লখিমপুৰত ৩জন, যোৰহাটত ২জন, কামৰূপ(ম)ত দুজনৰ মৃত্যু হয়। শিৱসাগৰত ২জন, বৰপেটাত এজন, চৰাইদেউত এজনৰ মৃত্যু হয়। চিৰাঙত এজন, দৰঙত এজন, ডিব্ৰুগড়তো এজনৰ মৃত্যু হয়।

ইয়াৰোপৰি, কামৰূপত এজন, গোৱালপাৰাত এজন, গোলাঘাটত এজনৰ মৃত্যু হয়। কাৰ্বি আংলং, মৰিগাঁও, তিনিচুকীয়া, নলবাৰী, মৰিগাঁৱতো এজনকৈ লোকৰ মৃত্যু হয়। গোলাঘাটত ১৬৪জন, লখিমপুৰত ১১৯জন, ডিব্ৰুগড়ত ৮৪জন ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়।

Leave A Reply

Your email address will not be published.