danewsplus.com
danewsplus.com

পুনৰ ৰাজ্যত ক’ভিডে প্ৰাণ কাঢ়িলে ১৫ জনৰ

0 87

ডিজিটেল সংবাদ, গুৱাহাটী: ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ হাৰ। পজিটিভিটী হাৰ নিম্নগামী হৈছে। শুকুৰবাৰে ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ ১.১০%।

শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত নতুনকৈ আক্ৰান্ত হয় ১,৬২১গৰাকী। ইফালে, যোৱা ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হয় ১৫গৰাকীৰ।

আক্ৰান্তসকলৰ ভিতৰত ১৮৮গৰাকী কামৰূপ মহানগৰৰ। গোলাঘাটৰ ১২৮ গৰাকী, লখিমপুৰৰ ১১০গৰাকী, ডিব্ৰুগড়ৰ ৯৬ গৰাকী, বৰপেটাৰ ৯০ গৰাকী, কামৰূপৰ ৮৫ গৰাকী।

আনহাতে, একেটা দিনত ১,৪৭,১৭৫টা ক’ভিড টেষ্ট সম্পন্ন কৰা হয়। লগতে শুকুৰবাৰে ক’ভিডমুক্তৰ হাৰ ৯৬.২২%।

Leave A Reply

Your email address will not be published.