danewsplus.com
danewsplus.com

২০২২ৰ ১ জানুৱাৰীৰ পৰা ATMৰ নতুন নিয়ম! লেনদেনত ভৰিব ধন…

0 142

ATMৰ পৰা ধন উলিয়ালে ভৰিব লাগিব ২১ টকা৷ RBIয়ে বৃদ্ধি কৰিলে ডেবিড কাৰৰ্ড, ক্ৰেডিড কাৰ্ডৰ খৰচ৷ ATMত বিনামূলীয়া লেনদেনৰ সীমা পাৰ হোৱাৰ পিছত প্ৰতিটো লেনদেনত  অতিৰিক্ত ২১ টকাকৈ দিব লাগিব৷

২০২২ৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম৷ এক বিবৃতিযোগে এই ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকে৷ বেংক গ্ৰাহকে এমাহত পাঁচবাৰকৈ বিনামূলীয়া লেনদেনৰ সুবিধা পায় ATMত৷

২০২২ৰ পহিলা জানুৱাৰীৰ পৰা এই সীমা পাৰ হ’লে অতিৰিক্ত এই নিৰিখ ভৰিব লাগিব৷ ইয়াৰ উপৰিও ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ লেনদেন চোৱা-চিতা কৰা সংস্থাসমূহৰ পৰিসেৱাৰ মূল্যও বৃদ্ধি কৰা হৈছে৷ আৰ্থিক লেনদেনৰ বাবে পৰিসেৱাৰ নিৰিখ ১৭ টকা কৰাৰ বিপৰীতে অন্যান্য ব্যৱহাৰৰ বাবে পৰিসেৱা নিৰিখ ৬ টকালৈ বৃদ্ধি কৰা হৈছে৷

Leave A Reply

Your email address will not be published.