danewsplus.com
danewsplus.com

এইবাৰ চাকৰি নহয়, ধনৰ বিনিময়ত মেট্ৰিক পৰীক্ষাত ষ্টাৰ, ডিষ্টিংচন!

0 473

কামৰূপৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আৰক্ষীৰ বৃহৎ অভিযান৷ ধনৰ বিনিময়ত মেট্ৰিকত অধিক নম্বৰ দিয়াৰ কেলেংকাৰি উন্মোচিত৷ ধনৰ বিনিময়ত ষ্টাৰ, ডিষ্টিংচন, প্ৰথম বিভাগ৷ ৪ ঘণ্টা ধৰি অভিযান কামৰূপ আৰক্ষীৰ৷ ১০০জনীয়া আৰক্ষীৰ দলে অভিযান চলালে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত৷

কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক মাধৱ ডেকা, শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া তথা ছেবাৰ সমন্বয়ক ফুলপাহী নাথক আটক৷ সমান্তৰালভাৱে কাৰ্যালয়টোৰ আন দুজন কৰ্মচাৰী প্ৰশান্ত দাস আৰু শিৱেশ্বৰ ডেকাকো আটক কৰে আৰক্ষীয়ে৷ চাৰিওজনকে পৃথক পৃথককৈ ৰাখি মাৰাথন জেৰা অব্যাহত আৰক্ষীৰ৷

অভিযানকালত কাৰ্যালয়টোৰ পৰা কেইবাটাও লেপটপ, ম’বাইল ফোন, বহু নথিপত্ৰৰ লগতে বুজন পৰিমাণৰ নগদ ধন জব্দ কৰে আৰক্ষীয়ে৷

Leave A Reply

Your email address will not be published.