danewsplus.com
danewsplus.com

শক্তি মন্ত্ৰীৰ গৃহ জিলাত শক্তিবিভাগৰ শ্মশান যাত্ৰা, পকী খুঁটাৰ সলনি ব্যৱহাৰ হৈছে বাঁহৰ খুঁটা

0 109

ডিজিটেল সংবাদ,খোৱাং: পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ শক্তিমন্ত্ৰীয়ে বিভাগটোৰ অধিক সংস্কাৰ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে শক্তি মন্ত্ৰী বিমল বৰাৰ গৃহৰ জিলাত বিদ্যুৎ বিভাগৰ বিষয়াক অভিযোগ দি ভাগৰি পৰিল খোৱাঙৰ টেপৰচালি বাম গাৰিহালি চুক চেতীয়া ব্লকৰ ৰাইজ। কিন্তু ৰাইজৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নাই বিদ্যুৎ বিভাগ নতুবা জনপ্ৰতিনিধিৰ।

দুশটাতকৈ অধিক পৰিয়াল থকা গাঁওখনত বিদ্যুৎ বিভাগে ভগ্ন বিদ্যুৎ খুঁটাত বাঁহ কাঠ জোৰা দি বিদ্যুতৰ তাঁৰ ওলমাই অতি বিপদজনকভাৱে বিদ্যুৎ যোগান ধৰি আহিছে। ৰাইজে জানিবলৈ দিয়া মতে দুশটা পৰিয়ালৰ মাজত এটাই মাত্ৰ ট্ৰান্সফৰ্মা থকা বাবে ৰাতি হ’লেই ভল্টেজ নাথাকে গাঁওখনত। বছৰ বছৰ ধৰি গাঁওখনৰ ৰাইজে এনে সমস্যা ভুগী অহাৰ পাছতো আজি পৰ্যন্ত বিদ্যুৎ বিভাগে ৰাইজৰ সমস্যাক লৈ কোনো গুৰুত্ব নিদিলে।

গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ বিদ্যুৎ ব্যৱহাৰ কৰা চৰকাৰী অনুমতি থকাৰ পাছতো কেৱল বিভাগৰ বিষয়া কৰ্মচাৰীৰ অবহেলাৰ বাবেই বিদ্যুৎ থাকিও নথকাৰ দৰে হৈছিল গাঁওখনৰ ৰাইজৰ। ইফালে বাঁহ, কাঠৰ খুঁটাত বিদ্যুতৰ তাৰ ওলমাই ৰখাত ভয়ানক বিপদ হোৱাৰ সম্ভাৱনাত আতংকিত গাঁৱৰ ৰাইজ। গতিকে ৰাইজে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে বিষয়টো হস্তক্ষেপ কৰি টেপৰচালি বাম গাৰিহালি চুক চেতীয়া ব্লকৰ ৰাইজে বছৰৰ পাছত বছৰ ধৰি ভুগী অহা সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.