danewsplus.com
danewsplus.com

ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান, এইবাৰ তাৰাবাৰী আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুই ড্ৰাগছ সৰবৰাহকাৰী

0 107

ডিজিটেল ডেস্ক : ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । বৰপেটা জিলাতো তীব্ৰতৰ হৈছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। এইবাৰ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰসহ দুই ড্ৰাগছ সৰবৰাহকাৰী।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে সৰ্থেবাৰী থানাৰ অন্তৰ্গত ভক্তৰডবাৰ বাহাৰুদ্দিনৰ পুত্ৰ মকিবুল ইছলাম আৰু নলীগাঁওৰ ৰাহুল আমিন বুলি জানিব পৰা গৈছে ।

তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসে গোপন খবৰৰ ভিত্তিত মংগলবাৰে চেঙা বেচিক বজাৰত অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাক। ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা ১৯ টা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, এটা চাবোনৰ খালি বাকচ, এটা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ পেকেট আৰু এ.এচ ১৫-এম -৯৮৩৬ নম্বৰৰ টি.ভি.এচ এপাচি বাইক এখন জব্দ কৰে আৰক্ষীয়ে।

প্লাষ্টিকৰ কন্টেইনাৰসহ সন্দেহযুক্ত ব্ৰাউন চুগাৰখিনিৰ ওজন ৪০ গ্ৰাম বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ ১৫৬/২০২১ নম্বৰত গোচৰ আৰু এন ডি পি এচ আইনৰ অধীনত ২১(বি) ধাৰাত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে । ইপিনে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক অধিক তথ্যৰ বাবে সোধাপোচা কৰি আছে বুলি জানিবলৈ দিয়ে তাৰাবাৰী থানাৰ আৰক্ষী বিষয়া জ্যোতিষ দাসে ।

Leave A Reply

Your email address will not be published.