danewsplus.com
danewsplus.com

অখিল গগৈৰ ভয়ত টোপনি নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰঃ কৃষক মুক্তি

0 437

শিৱসাগৰ প্ৰেছ ক্লাৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল। এই সংবাদমেলখনত বিধানসভা অধিবেশনত নিৰ্দলীয় বিধায়কৰ বাবে ২ মিনিট সময় ধাৰ্য কৰাৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষুৰধাৰ সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে।

নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে, ‘অখিল গগৈৰ কণ্ঠ ৰুদ্ধ কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে। অখিল গগৈৰ ভয়ত বহুদিন টোপনি নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ আৰু বহুদিন টোপনি নোযোৱা মানুহ মানসিকভাৱে সুস্থ হৈ নাথাকে|’

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈৰ ভূতে খেদি ফুৰিছে বুলিও নেতাগৰাকীয়ে মন্তব্য কৰে। ”মুখ্যমন্ত্ৰীৰ যেনে অৱস্থা দেখিছো অখিল গগৈক মানসিক ৰোগী কওঁতে নিজে মানসিক ৰোগী হ’ব যেন পাও।” সংগঠনটোৱে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে।

Leave A Reply

Your email address will not be published.