danewsplus.com
danewsplus.com

CBSE ৰ পৰীক্ষা সূচী ঘোষণা,পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কি কি নতুন সূত্ৰ CBSE ৰ ?

0 114

ৰাজ্যত মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ মূল্যায়ন সম্পৰ্কত বেমেজালি এতিয়াও দূৰ হোৱা নাই যদিও ক’ৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নতুন সূত্ৰ প্ৰস্তুত কৰিছে CBSEয়ে ৷ অহা বছৰ দুটা ভাগত অনুষ্ঠিত হ’ব দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৷

পঞ্চাশ শতাংশ পাঠ্যক্ৰমেৰে প্ৰথমটো পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত বাকী পঞ্চাশ শতাংশ পাঠ্যক্ৰমেৰে অনুষ্ঠিত হ’ব দ্বিতীয়টো পৰীক্ষা ৷ প্ৰথম পৰীক্ষা নৱেম্বৰ-ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়টো পৰীক্ষা মাৰ্চ-এপ্ৰিলত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ পৰীক্ষাৰ মূল্যায়নত ছাত্ৰ-ছাত্ৰীৰ আভ্যন্তৰীণ মূল্যায়নকো সামৰি লোৱা হ’ব বুলি প্ৰকাশ কৰিছে চিবিএছইয়ে ৷

Leave A Reply

Your email address will not be published.