danewsplus.com
danewsplus.com

অসমৰ মানুহৰ প্ৰিয় ফলবিধেই নেমুটেঙা নহয় জানো? আহকচোন জানো নেমুটেঙাৰ পুষ্টি আৰু ঔষধি গুণসমূহৰ বিষয়ে….

0 193

গৰমৰ দিনত নেমুৰ চৰবত এগিলাচ খাবলৈ পালেই দেহ-মন জুৰ পৰি যায় নহয় নে? অতীযৰে পৰাই নেমুটেঙাই অসমৰ লগতে অসমীয়া সমাজত যথেষ্ট আদৰ আৰু জনপ্ৰিয়তা লাভ কৰি আহিছে। নেমুটেঙাৰ ঔষধি গুণো যথেষ্ট বেছি। আহকচোন জানো নেমুটেঙাৰ পুষ্টি আৰু ঔষধি গুণসমূহৰ বিষয়ে….

১। ঘৰৰ কাৰোবাৰ বমি ভাব আহিলে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা সমাজত এতিয়াও প্ৰচলিত আছে। পেটৰ অসুখ হʼলে কাচৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে ভাল হয়।

২। নেমুটেঙা খাদ্যপ্ৰাণ ʻগʼৰ উৎকৃষ্ট উৎস। ১০০ গ্ৰাম নেমুৰ ৰসত ৫৩ মিঃগ্ৰাম খাদ্যপ্ৰাণ ʻগʼ থাকে। ইয়াৰ উপৰি চাইট্ৰিক এচিড, পটাচিয়াম, কেলচিয়াম, ফছফৰাছ আদি নেমুত পোৱা যায়।


৩। ʻস্কাৰ্ভিʼ নামৰ দাঁতৰ ৰোগ প্ৰতিৰোধ কৰাত নেমুৱে সহায় কৰে। স্কাৰ্ভিত আক্ৰান্ত হʼলে দাঁতৰ আলু ফুলে আৰু সোপোকা হয়। দাঁতৰ গুৰিৰ পৰা তেজ ওলায়। নেমুৰ ৰসত নিমখ মিহলাই দাঁত ঘঁহিলে যথেষ্ট উপশম পোৱা যায়।

৪। বদহজম, জ্বৰ আদি হোৱাৰ পাছত বা আন কোনো কাৰণত ভালদৰে ভোক নলগা ভাব হʼলে নেমুৰ চৰবত খাই উপকৃত হʼব পাৰি। ই তৃষ্ণা নিবাৰক, ৰক্ত পিত্তনাশক অগ্নিমান্দ্য, বাতবিষ, কাহ-কফ ৰোগ, কোষ্ঠবদ্ধতা, কণ্ঠ ৰোগনাশক আৰু জ্বৰনাশক।

৫। যকৃত শুদ্ধিৰ বাবে নেমুৰ সমান আন ঔষধ হয়তো নাই। অজীৰ্ণ, বুকু, জ্বলা পোৰা কৰা, অতিসাৰ, কলেৰা, টেঙা উগাৰ, কাহ, শ্বাস আদি ৰোগ নেমুৰ দ্বাৰা ভাল হয়।

৬। অতিকৈ কাঢ়াকৈ কফি বনাই তাত অলপ নেমু টেঙাৰ ৰস দি তিনিবাৰ খালে পুৰণি মেলেৰিয়া ৰোগ ভাল হয়। নেমুটেঙাৰ গছৰ শিপাৰ বাকলি চূৰ্ণক নেমু টেঙাৰে ৰসেৰে মৰ্দন কৰি বড়ি বনাই শুকাই থʼব। এই বড়ি ৰাতিপুৱা ৩-৪টা ঠাণ্ডা পানীৰ লগত খালে পেট ফুলা কমি যায়। এই বড়ি খুব বেছি এমাহ ৰাখিব পাৰিব। পাছত ই গুণহীন হয়।

৭। শুকান আদা চূৰ্ণ, পিপলি চূৰ্ণ আৰু জালুক চূৰ্ণ প্ৰত্যেকৰে ১২৫ মিলিগ্ৰামকৈ লৈ ১০-২০ মিলিলিটাৰ নেমুটেঙাৰ ৰসৰ লগত দিনে দুবাৰকৈ খালে ৪-৫ দিনৰ ভিতৰতে জণ্ডিচ ৰোগ নাশ হয়।

৮। জালুক চূৰ্ণ ৫০০মিলিগ্ৰাম ১০-২০ মিলিলিটাৰ নেমুৰ ৰসৰ লগত দিনে দুবাৰকৈ খালে খোৱাৰ প্ৰতি ৰুচি আহে আৰু খোৱা আহাৰ সোনকালে হজম হয়।

৯। নেমুটেঙাৰ ৰসৰ লগত গৰুৰ ঘি ভালদৰে মিহলি কৰি কপালত লেপ দিলে শিৰশূল নাশ হয়। নেমুটেঙাৰ ফুল এক গ্ৰাম চাউল ধোৱা পানীৰে বটি দিলে ৩-৪ বাৰকৈ সেৱন কৰিলে ৰক্তপিত্ত ৰোগ নিবাৰণ হয়।

১০। জ্বৰ বা পানী লগাত নেমুৰ ৰস খোৱাটো উত্তম। নেমুৰ ৰসত মৌ মিহলাই খালে শুকান কাহ, পানীলগা জ্বৰ ভাল হয়। নেমুৰ ৰসত থকা ভিটামিন ʻচিʼয়ে দেহৰ প্ৰতিৰক্ষা শক্তি বঢ়ায়।

১১। টনচিলাইটিছত এগিলাচ গৰম পানীত এটা নেমুৰ ৰস চাৰি চাহ চামুচমান মৌ আৰু সামান্য নিমখ মিহলাই পি খালে উপশম পোৱা যায়।

১২। নেমুৰ চৰবত যথেষ্ট টান ৰʼদত ৰাখি বায়ু সোমাব নোৱাৰকৈ বটলত সাঁফৰ মাৰি ছমাহ পৰ্যন্ত ৰাখিব পাৰি।

Leave A Reply

Your email address will not be published.