danewsplus.com
danewsplus.com

‘বনফুলৰ কবি’ যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণাম

0 324

ডিজিটেল ডেস্ক, গুৱাহাটী: আজি ‘বনফুলৰ কবি’ যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুবাৰ্ষিকী। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰ নাথ দুৱৰা ৰমন্যাসিক যুগৰ শ্ৰেষ্ঠ গীতিকবি আছিল। তেওঁ এগৰাকী অসমৰ প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হৈছিল।তেখেতৰ এই দিনটোত সকলোৱে শ্ৰদ্ধাৰে সুৱঁৰিছে।

১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰাই অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল, পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰি আদি কবিসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল।

দুৱৰাদেৱে শিৱসাগৰতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ১৯০৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁ ১৯১৩ চনত কলিকতাৰ স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। স্নাতকোত্তৰ আৰু বি এল অধ্যয়ন কৰি থকাৰ সময়তে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউছন, কলিকতাৰ স্কটিছ চাৰ্চ কলেজিয়েট আৰু কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰত অসমীয়াৰ অধ্যাপনা কৰিছিল। ১৯৪৮ চনত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰি তাৰ পৰাই ১৯৬০ চনত অৱসৰ গ্ৰহণ কৰে।

১৮৯২ চনৰ ৪ মাৰ্চত শিৱসাগৰৰ আমোলাপট্টিত জন্মগ্ৰহণ কৰে। দুৱৰাৰ পিতৃৰ নাম শ্যামসুন্দৰ দুৱৰা আৰু মাতৃৰ নাম পুণ্যদা দুৱৰা। ১৯৬৪ চনৰ ৫ জুলাইত শিৱসাগৰত মৃত্যু হয় যতীন্দ্ৰ নাথ দুৱৰাৰ।

ৰমন্যাসিক যুগৰ শ্ৰেষ্ঠ গীতিকবি হিচাপে অভিহিত যতীন্দ্ৰ নাথ দুৱৰাই ডিব্ৰুগড়ৰ হনুমানবক্স সুৰযমল কানৈ কলেজত বাৰ বছৰ ধৰি কৰ্ম জীৱন চলাইছিল। তেখেতে ১৯৪৮ চনৰ পৰা ১৯৬০ চনলৈ কানৈ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰিছিল। দুৱৰাদেৱে ৰচনা কৰা ‘ওমৰ তীৰ্থ’ অসমীয়া কাব্য সাহিত্যত চুফীবাদৰ সহজ-সৰল আৰু সাৱলীল প্ৰকাশ। অসমীয়া কাব্য সাহিত্যলৈ তেওঁৰ আন এক অৱদান কথা কবিতা।

ইয়াৰ পূৰ্বে দুৱৰাই ১৯২২ চনৰ পৰা ১৯৪৭ চনলৈ কলিকতাৰ স্কটিছ চাৰ্ছ কলেজত বুৰঞ্জী বিষয়ৰ শিক্ষকতা কৰিছিল। সেই সময়ছোৱাতে ১৯৩৮ চনৰ পৰা ১৯৪৭ চনলৈ তেখেতে কলিকতা বিশ্ববিদ্যালয়ত অংশকালীনভাৱে অধ্যাপনাও কৰিছিল। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ কলিকতাৰ চাকৰি এৰি আহি উপাধ্যক্ষ লক্ষ্মীনাথ দত্তৰ উদ্যোগত ১৯৪৮ চনত তেতিয়াৰ ডিব্ৰুগড় কলেজ আৰু বৰ্তমানৰ কানৈ কলেজত যোগদান কৰে।

Leave A Reply

Your email address will not be published.