danewsplus.com
danewsplus.com

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱসঃ সংকটকালত চিকিৎসা সেৱা আগবঢ়াই অহা প্ৰতিগৰাকী চিকিৎসকক চেল্যুট

0 121

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। এই দিৱস উপলক্ষে ভিন্নজনে ভগৱানস্বৰূপ চিকিৎসক সকলক শুভেচ্ছা জ্ঞাপন কৰে অসংখ্যজনে। প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তকে আদি কৰি কেবাজনো নেতাই শুভেচ্ছা জ্ঞাপন কৰে এইসকল ক”ৰোনাযোদ্ধাক। অতিমাৰী সংকটকালত দিনে-নিশাই ব্ৰতী থাকি নিজৰ জীৱনকো তুচ্ছ কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে এইসকল চিকিৎসকে। নিজৰ পৰিয়াল, সময় সকলো ত্যাগ কৰি ৰোগীক সুস্থ কৰি তোলাৰ স্বাৰ্থত পাৰ্যমানে সেৱা আগবঢ়াই গৈছে। দিনে-নিশাই অবিৰতভাৱে মানৱ জাতিক এই ভাইৰাছৰ কৱলৰ পৰা ঘূৰাই আনিবলৈ দিন-ৰাতি একাকাৰ কৰিছে তেওঁলোকে।

আজি ১ জুলাই । এই দিনটোতেই ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পাছৰে পৰা যেন চিকিৎসকসকলক সন্মান কৰাই নহয়, বৰং ৰোগীসকলৰ আপোন মানুহো হৈ পৰিছে। ৰোগ যান্ত্ৰনাত চটফটাই থকা ৰোগী এজনৰ বাবে চিকিৎসকেই ভগৱান সদৃশ। ভাৰতত চিকিৎসক দিৱস ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম দিৱসত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই দিৱস পালন কৰা হয়। ১৮৮২ চনৰ ১ জুলাইত বিহাৰৰ পাটনাত জন্মগ্ৰহণ কৰিছিল ডাঃ ৰায়ে। মাত্ৰ ২৯ বছৰ বয়সতে চিকিৎসা বিদ্যাত অসাধাৰণ খ্যাতি আৰ্জিবলৈ সক্ষম হৈছিল ডাঃ ৰায়।

Leave A Reply

Your email address will not be published.