danewsplus.com
danewsplus.com

বিজেপিৰে বিপিএফৰ মিত্ৰতা সন্দৰ্ভত সভাপতি ভবেশ কলিতাৰ গুৰুত্বপূৰ্ণ মন্তব্য..

0 97

ডিজিটেল ডেস্ক, ৰঙিয়া: বিপিএফৰ মিত্ৰতা আৰু উপনিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ। বিপিএফৰ লগত বিজেপি দলৰ মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে কোনো আলোচনা হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে ।

বিটিআৰৰ মুখ্যকাৰ্যবাহী প্ৰমোদ বড়োক সভাপতি ভবেশ কলিতাই প্ৰশংসাৰে ওপচাই কয় যে বিটিএডিত প্ৰমোদ বড়োক চীফ হিচাপে লৈ চৰকাৰ চলি আছে আৰু অনাগত পাচ বছৰলৈ প্ৰমোদ বড়োৰ চৰকাৰ থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।


ৰাজ্যত হ’বলগীয়া উপ নিৰ্বাচনত বিজেপিয়ে আটাইকেইখন আসন লাভ কৰিব বুলিও মন্তব্য কৰে সভাপতি কলিতাই। ইফালে, ৰাইজৰ দল আৰু জাতীয় পৰিষদক ক্ষুৰধাৰ সমালোচনা কৰি এটাই পালে শূন্য আৰু আনটোই এখন পালে বুলি কটাক্ষ কৰে। বুধবাৰে ৰঙিয়াৰ বৰকুকুৰীয়াত মহিলা বজাৰ গৃহ এটি উদ্ধোধন কৰি এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে সভাপতি ভৱেশ কলিতাই। কাৰ্যসূচীত ভৱেশ কলিতাৰ লগত উপস্থিত থাকে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ।

Leave A Reply

Your email address will not be published.