danewsplus.com
danewsplus.com

অসমবাসীলৈ মুকলি চিঠি অখিল গগৈৰ, ‘মোক ৰাইজৰ সহায় লাগে’

0 142

অসমবাসীলৈ কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মুকলি চিঠি। কাৰাগাৰৰ পৰাই মুকলি চিঠি লিখিলে অখিল গগৈয়ে। উক্ত চিঠিখনত কেতবোৰ মন্তব্য উল্লেখ কৰিছে অখিল গগৈয়ে। ষড়যন্ত্ৰমূলক ভাবে অখিল গগৈক কাৰাবন্দী কৰি ৰখাৰ চেষ্টা কৰাৰ অভিযোগ কৰে গগৈয়ে। NIA ই চৰকাৰৰে মিলি ষড়যন্ত্ৰ কৰি তেওঁক দীৰ্ঘসময় বন্দী কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰখাৰো অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। শুনানী গ্ৰহণৰ পলম কৰাৰো অভিযোগ অখিল গগৈৰ তথা ৰাইজৰ দলৰ।

চান্দমাৰী থানাৰ গোচৰৰ শুনানী পলম কৰাৰ চেষ্টা NIA ৰ। শেষ হোৱা শুনানীৰ ওপৰত পুনৰ বক্তব্য ৰাখিবলৈ এসপ্তাহৰ সময় লৈছে NIA ৰ অধিবক্তাই। ২৯ জুনত NIA ই অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰিলে অতিৰিক্ত অভিযোগ নামা। এই অভিযোগ নামাৰ লগত নিয়োগ কৰা হৈছে এজন নতুন গোপন সাক্ষী।

গোপন সাক্ষীৰ বিবৃতি মতে, অসমৰ সকলো ছিণ্ডিকেটৰ লগত জড়িত অখিল গগৈ। চুপাৰী ছিণ্ডিকেট, হানি ট্ৰেপিঙৰ লগত জড়িত বুলি ষ্টেটমেন প্ৰদান। পূৰ্বৰ সন্ত্ৰাসবাদী অভিযোগৰ পৰা গৰু চোৰ সজালে গোপন সাক্ষীয়ে।

Leave A Reply

Your email address will not be published.