danewsplus.com
danewsplus.com

ৰাজ্য চৰকাৰৰ কেবিনেটত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত, জানক সবিশেষ….

0 372

বুধবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট অনুষ্ঠিত হয়। এই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি, আৰক্ষী SI, কনিষ্টবলক এমাহৰ বাধ্যতামূলক ছুটি।পৰিয়ালৰ ওচৰলৈ যাবলৈ ছুটি আৰক্ষীক।পৰিয়ালৰ সৈতে কোৱাৰ্টাৰত থকা আৰক্ষীক ১০ দিনৰ ছুটি।৮৬০খন সমবায় সমিতিলৈ বছৰি ৫ লাখ টকা।সুলভমূল্যৰ দোকানৰ ব্যৱসায়ীৰ কমিছন বৃদ্ধি। প্ৰতি কুইণ্টল চাউলৰ বাবদ ১৪৩ টকা ধাৰ্য।

বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদান। ছিপাঝাৰৰ গৰুখুঁটিৰ ৭৭ হাজাৰ বিঘা মাটিত খেতিৰ দায়িত্ব হাজৰিকাক।অনলাইন পাঠদানৰ বাবে মোবাইল নেটৱৰ্ক বৃদ্ধিৰ সিদ্ধান্ত। তথ্য প্ৰযুক্তি বিভাগক অঞ্চলভেদে ব্যৱস্থা লোৱাৰ নিৰ্দেশ।কেবিনেট সিদ্ধান্ত সঠিকভাৱে ৰূপায়ণৰ দিশ চোৱাৰ ব্যৱস্থা। ৩ মন্ত্ৰীক সকলো কামৰ হিচাপ কেবিনেটত দিয়াৰ দায়িত্ব।চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, ৰণোজ পেগুক এই দায়িত্ব।

Leave A Reply

Your email address will not be published.