danewsplus.com
danewsplus.com

পত্নীক এৰি দিলে, হানিক ধৰিলেঃ সংসাৰ নজমিল, পলাই গ’ল বাবুল

0 477

চৈধ্য বছৰীয়া সুখৰ ঘৰ সংসাৰ এৰি চিকিৎসক স্বামীয়ে, পত্নীক এৰি পলায়ন কৰিলে। ধুবুৰীৰ জোঁৱাই তথা বৰ্তমান বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত কৰ্মৰত এগৰাকী চিকিৎসকৰ বিৰুদ্ধে পত্নীয়ে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছত সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছে। চিকিৎসকজনৰ বিৰুদ্ধে প্রবঞ্চনা কৰাকে ধৰি কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে।

অভিযোগ অনুসৰি বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত, তালগুৰী পঞ্চ গাঁৱৰ বাসিন্দা ডাঃ ৰুবুল আহমেদে কেইমাবাহ ধৰি ধুবুৰী জিলাৰ হালাকুৰা অঞ্চলৰ বটেৰহাট ৰাজ্যিক চিকিৎসালয়ত কৰ্মৰত আছিল। আনকি ধুবুৰী চহৰৰ চুমনা ইয়াছমীন ওৰফে মৰমীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰে চৰকাৰী নীতি নিয়ম অনুসৰি বিবাহ পাশত আবদ্ধ হৈছিল।

বিবাহৰ প্ৰায় ১৪ বছৰলৈকে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে সংসাৰ চলি আছিল যদিও যোৱা জানুৱাৰী মাহত নিজ পত্নী চুমনা ইয়াছমীন ওৰফে মৰমীক একো নজনোৱাকৈ চিকিৎসক স্বামী ডাঃ ৰুবুল আহমেদে ধুবুৰীৰ ভাৰা ঘৰৰ পৰা পলাই যায়। বহু বাৰ স্বামীৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিও বিফল হয় মহিলা গৰাকী। শেষত, বটেৰহাট ৰাজ্যিক চিকিৎসালয়ৰ ফালৰ পৰা ডাঃ ৰুবুল আহমেদ বদলি হৈ বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত যোগদান কৰা বুলি পত্নীয়ে জানিব পাৰে।

কেৱল ইমানেই নহয় দীৰ্ঘদিনৰ পৰা পত্নীৰ চকুত ধুলি দি কৰ্মৰত বটেৰহাট ৰাজ্যিক চিকিৎসালয়ৰ ওচৰৰে হানি বেগম নামৰ এগৰাকী মহিলাৰ লগত ডাঃ ৰুবুল আহমেদৰ অবৈধ সম্পৰ্কও গঢ় লৈ উঠিছিল বুলি জানিব পাৰে পত্নীয়ে। অৱশেষত, চুমনা ইয়াছমীনে উপায়ন্তৰ হৈ স্বামী ডাঃ ৰুবুল আহমেদৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ প্ৰায় দুই মাহ লৈকে তদন্তকাৰী বিষয়াই পঞ্জীয়ন হোৱা গোচৰ সম্পৰ্কে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

Leave A Reply

Your email address will not be published.