danewsplus.com
danewsplus.com

ভয়ংকৰ ঘটনা, অৰুণাচলৰ চিয়ম নদীৰ সংগম দলঙ ভাগি উটি গ’ল ডাম্পাৰ

0 367

অৰুণাচল প্ৰদেশত কিছুদিন ধৰি হৈ থকা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত চিয়াং জিলাৰ চিয়ম নদীৰ ঐতিহাসিক সংগম দলং ভঙাৰ ফলত এখন ডাম্পাৰ চিয়ম নদীত উটি যায়I বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে শিলেৰে ভৰ্তি এখন ডাম্পাৰ সংগম দলঙেৰে পাৰ হওতে হঠাৎ ভূমিস্খলন হৈ সংগম দলং ভাগি তিনিজন যুৱকসহ ডাম্পাৰখন চয়ম নদীত উটি যায়।

ডাম্পাৰৰ সৈতে নিখোঁজ হোৱা যুৱক কেইজন ধেমাজি জিলা জোনাই মহকুমাৰ নেপালী বস্তিৰ ৰাহুল তামাং(২৪), গোগামুখৰ ৰঞ্জিত সুত্ৰধৰ (২১) আৰু ঢেকীয়াজুলিৰ মিথিংগা বড়ো বুলি জানিব পৰা গৈছেI উল্লেখ্য যে, চিয়ম নদীত অৱস্থিত এই সংগম দলং চিয়াং জিলাৰ পাংগিং আৰু বলেংহৈ চীন দেশলৈ যোৱা একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় পথI এই স্থানতে চীন দেশৰ পৰা বৈ অহা য়মগো তথা চিয়াং নদী আৰু চিয়ম নদীৰ সংগম হয়I

Leave A Reply

Your email address will not be published.