danewsplus.com
danewsplus.com

ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্য়ালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

0 150

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ ডুমডুমাস্থিত বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্য়ালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ৬ আৰু ৭ আগষ্টত এখনি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনলাইন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিতব্য আলোচনা চক্ৰখনিৰ বিষয় হৈছে ‘সাম্প্ৰতিক অসমীয়া ভাষা-সাহিত্যৰ অধ্যয়ন’।

সেয়ে, ইচ্ছুক গৱেষক, অধ্যাপক, ছাত্ৰ-ছাত্ৰীসকলৰপৰা উক্ত মূল বিষয় তথা ১৭ টাকৈ উপ-বিষয়বস্তুৰ লগত সংগতি ৰাখি গৱেষণা পত্ৰ আহ্বান কৰা হৈছে। উল্লেখ্য যে, লাভ কৰা গৱেষণা পত্ৰসমূহৰ সাৰাংশ সম্বলিত এখনি পত্ৰিকাৰ লগতে নিৰ্বাচিত গৱেষণা পত্ৰসমূহৰ এখনি ISBN সম্বলিত গ্ৰন্থ প্ৰকাশ কৰা হ’ব।

গৱেষণা পত্ৰৰ সাৰাংশ আৰু সম্পূৰ্ণ গৱেষণা পত্ৰ প্ৰেৰণৰ শেষ তাৰিখ হৈছে ক্ৰমে ১৫ আৰু ৩১ জুলাই। ইফালে, ২ আগষ্ট হৈছে পঞ্জীয়নৰ শেষ তাৰিখ। যিকোনা সহায়তা আৰু যোগাযোগৰ বাবে ম’বাইল নম্বৰসমূহ হৈছেঃ ৭৫৭৭৮-২৯৮৩৩, ৯৮৬৪২-৭৪৩৯২ আৰু ৯৮৬৪৬-৮৩১৯৯।

Leave A Reply

Your email address will not be published.